NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়া মিঞাক নিৰ্যাতন কৰি জাতীয় বীৰ লাচিত বৰফুকনক কৰা অপমান সহ্য কৰা নহ’ব : অসম বাঘ সেনা

Posted by: কল্পজ্যোতি শইকীয়া December 25, 2017 5:38 pm

জাতীয় বীৰ লাচিত বৰফুকনৰ নামত সংগঠন খুলি অসমীয়া খিলঞ্জীয়া মিঞাক নিৰ্যাতন কৰাক লৈ সৰব হৈ পৰিছে অসম বাঘ সেনা। যোৱা ১৯ ডিচেম্বৰত শিৱসাগৰ চহৰৰ মেলাচক তিনিআলিত বিল্ডিং নিৰ্মাণৰ কাম কৰি থকা কেইজনমান শ্ৰমিকক শিৱসাগৰ জিলা লাচিত সেনাই প্ৰহাৰ কৰাৰ অভিযোগ তুলি কালি গুৱাহাটী প্ৰেছ ক্লাবত অসম মিঞা (অসমীয়া) পৰিষদ আৰু অসম বাঘ সেনাই যৌথভাৱে এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত অসম বাঘ সেনাৰ সেনাধক্ষ্য এম ৰফিকুল ইছলাম, অসম মিঞা (অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় সম্পাদক এম মহৰ আলীকে ধৰি আন বহুকেইজন শীৰ্ষ বৰ্গৰ নেতৃত্ব উপস্থিত থাকে।

বাঘ সেনাৰ সেনাধক্ষ্য এম ৰফিকুল ইছলামে সংবাদমেলখনত অসমীয়াৰ মাজত থকা একতা ভংগ কৰি অসমীয়া খিলঞ্জীয়া মিঞাক বাংলাদেশী সজাই নিৰ্যাতন কৰা কাণ্ড লাচিত বৰফুকনক কৰা অপমান বুলি তেওঁ উল্লেখ কৰে।

সংবাদমেলখনত উপস্থিত থাকি অসম মিঞা (অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মহৰ আলীয়ে কয় যে অসমীয়া জাতিৰ কাণ্ডাৰীৰ ৰূপত অৱতীৰ্ণ হোৱা চান্দাখোৰ দানবৰূপী লাচিত সেনাই আক্ৰমণ কৰা শ্ৰমিকসকল বিলাসীপাৰা ফকিৰগঞ্জ অঞ্চলৰ প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ খিলঞ্জীয়া মিঞা জনগোষ্ঠীৰ লোক। আনহাতে  অসম বাঘ সেনাৰ নেতৃবৃন্দই ইতিমধ্যে তেওঁলোকৰ ঘৰে ঘৰে গৈ নথি-পত্ৰ পৰীক্ষণ কৰি তেওঁলোক যে খিলঞ্জীয়া মিঞা সেয়া নিশ্চিত কৰিছে ।

https://youtu.be/LbK-6ovaJOs

উক্ত সংবাদমেলৰ জৰিয়তে সংগঠন দুটাই ঘটনাৰ লগত জড়িত যুৱক কেইজনক গ্ৰেপ্তাৰ কৰি দুষ্টান্তমূলক  শাস্তি প্ৰদান কৰিবৰ বাবে চৰকাৰক দাবী জনায়। ইফালে চৰকাৰে দোষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ৪ জানুৱাৰীত অসম বন্ধৰ কাৰ্যসূচী ল’ব বুলি চৰকাৰক সকীয়নি দিয়ে। ইয়াৰ উপৰি আছু, টাই আহোম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ সমূহ দল-সংগঠনক এই কাৰ্যসূচীৰ সমৰ্থন জনাবলৈ আহ্বান জনায়।