NORTHEAST NOW (Assamese)

খেতি শিকিবলৈ ভিয়েটনামলৈ মন্ত্ৰী; চৰকাৰী বীজত ধৰা নাই থোক, খেতিয়কৰ হাহাকাৰলৈ পিঠি

May 17, 2018 9:05 pm · পুলেন্দ্ৰ দাস
Updated: May 17, 2018 9:14 pm

ৰাইজৰ ধন খৰচ কৰি মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰীৰ লগতে কৃষি বিভাগৰ ৩৮ গৰাকী বিষয়াই ৰাজ্যৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে ভিয়েটনাম ভ্ৰমণ কৰাৰ সময়তে ৰাজ্যৰ খেতিয়কক চৰকাৰে প্ৰদান কৰা ইৰি ধানৰ থোক নোলোৱাত হাহাকাৰ লাগিছে খেতিয়কসকলৰ। যোৱা বছৰো চৰকাৰে দিয়া ধানৰ বীজেৰে কৰা খেতিত ধানৰ সলনি পতান ওলাইছিল।

বৰপেটাৰ বিভিন্ন ঠাইৰ আক্ৰান্ত কৃষকসকলে গ্ৰামসেৱক আৰু কৃষি বিষয়াক বিষয়টো অৱগত কৰিছে যদিও বিষয়টোত আজি ১৭ মে’ পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে জানিবলৈ দিছে।

কৃষি বিভাগে দুমাহ পূৰ্বে বৰপেটা জিলাৰ প্ৰতিখন পঞ্চায়তৰ জৰিয়তে কৃষকসকলৰ মাজত বিতৰণ কৰা ‘চি আৰ এইচ আৰ-৫’ নামৰ হাইব্ৰিড ধান পৈণত হোৱাৰ পিচতো আজি পৰ্যন্ত থোক ওলোৱা নাই।

বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ লগতে বৰপেটা, বাঘবৰ, চেঙা ৰাজহ চক্ৰ, কাদং পঞ্চায়তৰ সোণপুৰা, মহম্মদপুৰ, কাদং, তাপাজুলি, ৰূপাকুছি, কালামপুৰ আৰু জনীয়া আদি বিভিন্ন অঞ্চলত এনে ঘটনা ঘটিছে।

উল্লেখযোগ্য যে চৰকাৰী তথ্য মতেই যোৱা বছৰো জিলাখনৰ কৃষকসকলে আমেৰিকাৰ ‘এডভাণ্টা’ কোম্পানীৰ পি এ চি ৮৩৭ নামৰ বৰ্ণশংকৰ ধানৰ বীজেৰে ৩৯,৮৮৭.৩০ হেক্টৰ মাটিত কৰা ইৰিধানৰ খেতি নষ্ট হৈছিল। তথ্যমতে ৮১১৯ টা কৃষক পৰিয়ালে ৩ কোটি ৭৫ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈছিল।

চৰকাৰী বীজ লাভ কৰাৰ পিচত একাংশ কৃষকে যথেষ্ট ধন খৰচ কৰি ট্ৰেক্টৰেৰে মাটি চহায়ো বহু আশাৰে খেতিত নামিছিল।

ব্যাপক লোকচানৰ সন্মুখীন হোৱা মেহনতী কৃষকসকলে অচিৰেই আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিছে।

কৃষকসকল এইদৰে লোকচানৰ সন্মুখীন হোৱাৰ পিচতো মন্ত্ৰী-আমোলা-বিষয়াই বিদেশ ভ্ৰমণত ব্যস্ত থকাত ক্ষোভ প্ৰকাশ কৰিছে একাংশ কৃষকে।

Related News