NORTHEAST NOW (Assamese)
অসম

গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত গৌৰৱেৰে স্থান লাভ কৰিলে অসমীয়া জাপিয়ে

Posted by: এন ই নাও নিউজ January 26, 2018 12:47 pm
গুগলৰ প্ৰতীকত অসমীয়া জাপি

অসমৰ জাপিয়ে গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত স্থান পাইছে। জাপি হৈছে অসমৰ এক পৰম্পৰাগত আৰ্হিৰে প্ৰস্তুত কৰা মূৰত পিন্ধা আৱৰণ। বাঁহ আৰু টকৌ পাতেৰে গুঠা জাপি অসমৰ চহা জীৱনৰ এবিধ অতি আদৰৰ সামগ্ৰী।

জাপ শব্দৰ পৰাই জাপি শব্দটো আহিছে যাৰ অৰ্থ হ’ল টকৌ পাতৰ এটা থোপা।

অতীতত ভাৰতীয়সকলে সূৰ্যৰ তাপৰ পৰা সুৰক্ষা পাবলৈ জাপি পৰিধান কৰিছিল। ইয়াৰ মাজতে অসমীয়া ৰাজকীয় তথা আঢ্যৱন্ত সকলে এক মৰ্যাদাৰ প্ৰতীক হিচাপে আলংকাৰিক জাপি পৰিধান কৰিছিল।

জাপি বিভিন্ন ধৰণৰ আছে। তাৰ ভিতৰত সৰুদৈয়া জাপি, বৰদৈয়া জাপি. হালোৱা জাপি আৰু গৰখীয়া জাপি, পিঠা জাপি, টুপী জাপি ইত্যাদি অন্যতম।

আলংকাৰিক সৰুদৈয়া জাপি বিভিন্ন ৰঙৰ কাপোৰেৰে (ৰঙা,বগা, সেউজীয়া, নীলা আৰু ক’লা) ডিজাইন কৰি চিলোৱা হয়। এই জাপিৰ অস্তিত্ব বিচাৰি পোৱা যায় হিউয়েনচাঙৰ অসম ভ্ৰমণৰ সময়ছোৱাত যেতিয়া পৰ্যটকক ৰংচঙীয়া জাপিৰে আদৰণি জনোৱা হৈছিল।

বৰ্তমান সময়ত জাপি হৈছে অসমৰ প্ৰতীক। বিহুৰ সময়ত পৰিধান কৰাৰ লগতে ৰ’দ-বৰষুণৰ পৰা সুৰক্ষা পাবলৈ জাপি পৰিধান কৰা হয়।

এইবিলাকৰ উপৰি উৎসৱত ইয়াক সন্মান প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হয়। ঘৰৰ ভিতৰত সজাই ৰখা হয়, বিশেষকৈ সন্মুখৰ দুৱাৰত আদৰণি চিহ্ন হিচাপে জাপি ব্যৱহাৰ কৰা হয়।