NORTHEAST NOW (Assamese)
অসম

চামগুৰি পক্ষী তীৰ্থ বিলত মথাউৰি ছিঙি লক্ষাধিক টকাৰ মাছৰ লোকচান মহলদাৰৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা June 29, 2020 7:19 pm

কেইবাদিন ধৰি নেৰনেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অধীনৰ পক্ষী তীৰ্থ চামগুৰি বিলৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বিলখনৰ দক্ষিণ দিশৰ মথাউৰি বান্ধ ছিঙি  যায়।

মথাউৰি বান্ধ ছিঙি যোৱাৰ ফলত লক্ষাধিক টকাৰ মাছ পক্ষীতীৰ্থ বিলৰ পৰা কলং সুঁতিলৈ ওলাই যায়।

জানিব পৰা মতে, কলং সুঁতি ফেনে ফোটোকাৰে বাঢ়ি অহাৰ সমান্তৰালভাৱে নেৰানেপেৰা বৰষুণৰ ফলত বিলখনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে মথাউৰি বান্ধ ছিঙি যায়।

বিলত প্ৰতি বছৰে বাঢ়নী পানী সোমাই মহলদাৰক আৰ্থিক ভাৱে জুৰুলা কৰাৰ লগতে কাষৰ খেতি ভূমিৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে ।

চলিত বৰ্ষতো বিলখনৰ দক্ষিণ দিশৰ মথাউৰি বান্ধ ছিঙি যোৱাত কলঙৰ পানীলৈ লক্ষাধিক টকাৰ মাছ ওলাই যোৱা বুলি বিলখনৰ মহলদাৰ পৰেশ বৰ্মন আৰু ভূমিধৰ দাসে আশংকা প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে, বিলখনত কোনো চুইচ গেট নথকাৰ বাবে বিলখনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে প্ৰতি বছৰে বিলৰ মথাউৰি ভাঙি যোৱাৰ বাবে লক্ষাধিক টকাৰ মাছ ওলাই যোৱা বুলি সচেতন মহলে ধাৰণা কৰিছে ।সেইবাবে বিলখনৰ মহলদাৰে সংশ্লিষ্ট কতৃপক্ষক বিলখনত এটি চুইচ গেট স্থাপন কৰি বিলখনৰ এই সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে ।