NORTHEAST NOW (Assamese)
অসম

মহানগৰীত আজৱ কাণ্ড! : উৰণীয়া সেতুত যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিয়োজিত কৰিছে যান-বাহন আৰক্ষী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 2, 2020 7:38 pm
Jan Bahon Arokhi(1)

অদ্ভুট মানে অতিকৈ অদ্ভুট ঘটনা সংঘটিত হৈছে এইখন গুৱাহাটীত।

যিসময়ত যান-জঁটৰ সমস্যা সমাধানৰ বাবে উৰণীয়া সেতু নিৰ্মাণ কৰা হয়, সেই সময়ত দক্ষ তথা প্ৰৱল প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিওৱা এখন উৰণীয়া সেতুৱে বৃদ্ধি কৰিছে যান-জঁটৰ।

সেই যান-জঁটৰ পৰা ৰক্ষা পাবলৈ দুখন উৰণীয়া সেতু সংযোগী স্থানত ৰাখিবলগীয়া হৈছে যান-বাহন আৰক্ষী।

বহু সময়ত বহুতে অভিযোগ কৰি আহিছে যে উৰণীয়া সেতুখন নিৰ্মাণৰ পূৰ্বে প্ৰস্তুত কৰা আৰ্হিৰ বিসংগতিৰ বাবেই এতিয়া বিশেষকৈ আবেলিৰ পৰা নিশা প্ৰায় ১০ বজালৈকে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে গণেশগুৰিৰ পৰা চুপাৰ মাৰ্কেট অঞ্চললৈ।

নৰ্থ ইষ্ট নাওত নতুনকৈ নিৰ্মিত উৰণীয়া সেতুখনৰ আৰ্হি সলাবলৈ আহ্বান জনাই বাতৰি প্ৰকাশ কৰা হৈছিল। কিন্তু যান-জঁট ৰোধ কৰিবলৈ এতিয়া আৰ্হি সলোৱাৰ পৰিৱৰ্তে নিয়োগ কৰা হৈছে এজন যান-বাহন আৰক্ষী।

বহু বিশিষ্ট লোকে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি যদি উৰণীয়া সেতুখনৰ বাওঁ অংশটো যদি কিছু দূৰলৈ বহলাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ সৈতে সংযোগ কৰিব পৰা যায় তেতিয়া নিশ্চয়কৈ যান-জঁটৰ সৃষ্টি নহ’ব আৰু উৰণীয়া সেঁতুত যান-বাহন আৰক্ষী যান-জঁট নিয়ন্ত্ৰণৰ বাবে ৰাখিবলগীয়াও নহ’ব।