NORTHEAST NOW (Assamese)
অসম

মৃত্যু হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ : ছ’চিয়েল মেডিয়াত মৃত্যুৰ ভুৱা খবৰ বিয়পাইছে একাংশই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 2, 2020 7:07 pm
Tarun Gogoi 1234

ভুৱা খবৰত ভুল নাযাব আপুনি। তৰুণ গগৈৰ মৃত্যু হোৱা বুলি আজি পুৱাৰ ভাগৰ পৰা ছ’চিয়েল মেডিয়াত একাংশই বিয়পাই আছে মিছা খবৰ।

বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক GMCH ৰ non invasive ventilation ত ৰখা হৈছে।

কালি অৱস্থা কিছু জটিল আছিল যদিও বৰ্তমান কালিৰ তুলনাত উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা। তৰুণ গগৈৰ ৰক্তচাপ বৰ্তমান ৯৫-৪৫ত আছে বুলি জনায় GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই।

কালি গগৈৰ দেহত কাৰ্বন-ডাই-অক্সাইড আৰু এমনীয়া বৃদ্ধি পাইছিল। লাহে লাহে গগৈৰ দেহত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস পাই আহিছে বুলি চিকিৎসকে জনায়।

বৰ্তমান ১০ গৰাকী জ্যেষ্ঠ চিকিৎসকৰ এটা দলে নিৰীক্ষণত ৰাখিছে তৰুণ গগৈক।

উল্লেখযোগ্য যে কালি নিশা প্ৰায় ১০:৩০ বজাত অসুস্থ হৈ পৰাত ১১ বজাত জি এম চি এইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক।

দীৰ্ঘদিনৰ মূৰত ২৫ অক্টোবৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। ক’ৰ’ণাৰ পৰা মুক্ত হোৱাৰ পাছতো দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

কিন্তু এনেধৰে ছ’চিয়েল মেডিয়াত তৰুণ গগৈৰ মৃত্যু হোৱা বুলি উৰা-বাতৰি বিয়পোৱাত এতিয়া হথচকিত হৈ পৰিছে সচেতন মহল আৰু গগৈৰ পৰিয়ালৰ লোক।