NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাই আহ্বান জনোৱা মধ্য অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ সৰ্বাত্মক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 10:45 am
a Bandh-affects-n28274

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক সম্পূৰ্ণ অগণতান্ত্ৰিক, অ সাংবিধানিক,অবৈধ আখ্যা দি সদৌ তিৱা ছাত্ৰ সন্থা আৰু আন সহযোগী সংগঠনে আজি আহ্বান জনোৱা মধ্য অসম বন্ধ কাৰ্যসূচীৰ মৰিগাঁৱত সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা  গৈছে ।

মৰিগাঁও চহৰৰ উপকণ্ঠ অঞ্চল সমূহৰ দোকান, পোহাৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় লগতে যাত্ৰীৱাহী যান-বাহনসমূহৰ চলাচলো সম্পূৰ্ণণৰূপে বন্ধ থাকে।

ইফালে কিছু চৰকাৰী কাৰ্যালয় খোলা হৈছে যদিও কৰ্মচাৰীৰ উপস্থিতিৰ হাৰ তেনেই সেৰেঙা ।

লক্ষণীয় যে,অসম ৰাজধানী প্ৰাধীকৰণ আইন ২০১৭ৰ আওতাৰ পৰা প্ৰত্যাহাৰ কৰাৰ লগতে অধিসূচনাত বাদ পৰি ৰোৱা তিৱা বসতিপ্ৰধান গাঁওসমূহ পৰিষদৰ পৰা কৰ্তন কৰা উপৰি ভূমিপুত্ৰ তিৱাসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীৰে সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী দল সংগঠন সমূহে তিৱা পৰিষদৰ নিৰ্বাচন বৰ্জনৰ প্ৰ্ৰথম কাৰ্যসূচী হিছাপে আজিৰ এই মধ্য অসম বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।