NORTHEAST NOW (Assamese)
অসম

কোৰাঝাৰত চাওতাল উগ্ৰপন্থী সংগঠনৰ দুৰ্ধৰ্ষ সদস্য আটক

Posted by: এন ই নাও নিউজ September 24, 2018 10:52 am
কোৰাঝাৰত চাওতাল উগ্ৰপন্থী সংগঠনৰ দুৰ্ধৰ্ষ সদস্য আটক

কোকৰাঝাৰত আৰক্ষী, কোব্ৰা আৰু ১৭ নং ডোগ্ৰা ৰেজিমেণ্টে এক যুটীয়া অভিযান চলাই চাওতাল উগ্ৰপন্থী সংগঠনৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যুটীয়া অভিযানকাৰী দলটোৱে জিলাখনৰ গোসাঁইগাঁৱৰ চন্দ্ৰপুৰ গাঁৱৰ পৰা উগ্ৰপন্থী সদস্যজনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰজনক আৰক্ষীয়ে স্বপন মাৰ্ডি (২৯) বুলি চিনাক্ত কৰিছে। আনহাতে প্ৰাপ্ত তথ্য মতে উগ্ৰপন্থী সদস্যজনৰ পৰা এটা ৯ এম এম পিষ্টল, এটা মেগজিন আৰু ৪ জাঁই সজীৱ গুলী আৰক্ষীয়ে জব্দ কৰে।

বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে উগ্ৰপন্থী সদস্যজনক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।