NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা : কোনো লোকৰে পেঞ্চন কৰ্তন কৰা নহয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 3:21 pm
18cc6650127303baf8454b485e72a053

ক’ৰ’না ভাইৰাছৰ সংহাৰে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলালেও পেঞ্চন কৰ্তন সন্দৰ্ভত এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি আজি স্পষ্ট কৰি দিয়ে।

কিছুদিনৰ পৰা পেঞ্চন কৰ্তন কৰাৰ বিষয়টোৱে বিভিন্ন মাধ্যমত চৰ্চা হৈ আছিল আৰু সেয়ে চৰকাৰৰ তৰফৰ পৰা আজি এয়া সম্পূৰ্ণ মিছা কথা তথা একাংশই অপপ্ৰচাৰত লিপ্ত হোৱা বুলি কোৱা হয়।

আজি চৰকাৰৰ তৰফৰ পৰা এটা বিজ্ঞপ্তিৰ জৰিয়তে কয় যে মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ আৰু বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ অজুহাতত কিছু লোকে পেঞ্চন কৰ্তন তথা পেঞ্চন নিদিব বুলি অপপ্ৰচাৰ চলাই থকা বিষয়টো বিভাগৰ দৃষ্টিগোচৰ হৈছে।

ইয়াৰ উপৰি বিভাগীয় বিজ্ঞপ্তিটোত স্পষ্টকে উল্লেখ কৰি কয় যে আমি প্ৰথমতে কোৱাৰ দৰে পুনৰাই কব বিচাৰিছো যে চৰকাৰে পেঞ্চন কৰ্তন কৰাৰ কোনো প্ৰস্তাব গ্ৰহণ কৰা নাই।

কেন্দ্ৰীয় চৰকাৰে এনে সন্দৰ্ভত কোনো আলোচনা আদি নকৰা বুলি কৈ চৰকাৰ সদায় পেঞ্চনাৰ সকলৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰে।

উল্লেখ্য যে ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৬৫.২৬ লাখ পেঞ্চনাৰ আছে।