NORTHEAST NOW (Assamese)
Popular Stories

ইছলাম ধৰ্মাৱলম্বীলোকক পৱিত্ৰ ৰমজান মাহত ঘৰতে নামাজ পঢ়িবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 19, 2020 3:44 pm
index.jpg1

আগন্তুক ৰমজান মাহত সকলো ইছলাম ধৰ্মাৱলম্বী লোকক মচজিদত সমূহীয়া তাৰাবি নামাজ পঢ়াৰ পৰিবৰ্তে ঘৰৰ ভিতৰতে থাকি নামাজ পঢ়িবলৈ আহ্বান জনাইছে এ আই ইউ ডি এফ আৰু অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷

এক বিবৃতিৰ জৰিয়তে তেও কয় যে ‘কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আপোনালোক নিৰাপদে থাকক৷ এই দুৰ্যোগৰ সময়ত হিন্দুৱেই হওক বা মুছলমানেই হওক সকলোকে সৃষ্টিকৰ্তাই সুকলমে ৰাখক, সেয়াই আমি সদায় আল্লাহৰ উচৰত দোৱা কৰি আছো।’

আগন্তুক ৰমজান মাহ হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এটি পবিত্ৰ আৰু ডাঙৰ মাহ৷ ৰমজান মাহত মচজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়িবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ৷

তেও লগতে কয়, ‘এই মাহত আমি ৩০ দিন ৰোজা ৰাখো, তাৰাবিৰ নামাজ পঢ়ো, তাহাজ্জুদৰ নামাজ আদি পঢ়ি দোৱা দৰূদ কৰো৷ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছিকৈ মচজিদলৈ গৈ সমবেত হৈ নামাজ পঢ়িব বিচাৰে, কিন্তু সাম্প্ৰতিক সময়ত মচজিদৰ পৰিবৰ্তে ঘৰতেই নামাজ আদায় কৰিবলৈ সকলোকে আহ্বান জনাইছো।’

আনহাতে তেও কয় যে এই পবিত্ৰ ৰমজান মাহত আল্লাই সকলোকে কুশলে ৰাখক, সকলোৱে ঘৰতেই নামাজ দোৱা আদি কৰক, সমগ্ৰ পৃথিৱীৰ মানুহৰ কাৰণে দোৱা কৰক, শান্তিৰ কাৰণে দোৱা কৰক যাতে সৃষ্টিকৰ্তাই এই পৃথিৱীৰ পৰাই এই মহামাৰী নাইকিয়া কৰি দিয়ে৷

উল্লেখ্য যে সাংসদ গৰাকীয়ে অসমৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই অহৰহ কৰি থকা কষ্টৰ শলাগ লয় লগতে মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷