NORTHEAST NOW (Assamese)
অসম

লকডাউনত কৰ্তব্যৰত সাংবাদিক-আৰক্ষীক মাস্ক, চেনিটাইজাৰ প্ৰদান সমাজকৰ্মী ৰাজভূষণ গগৈৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 19, 2020 4:01 pm
IMG-20200419-WA0003

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশত এতিয়া চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। লকডাউনৰ সময়ত দিনে নিশেই নিজৰ কৰ্তব্যত ব্ৰতী হৈ থকা পৰিলক্ষিত হৈছে আৰক্ষী আৰু সাংবাদিক সকল।

এনে এক আতংকময় পৰিৱেশৰ মাজত নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহা স্বত্বেও এই সকল আৰক্ষী আৰু সাংবাদিকে যিদৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে তেওঁলোকক উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিছে শিৱসাগৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী ৰাজভূষণ গগৈ।

আজি ৰাজভূষণ গগৈয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কতৰ্ব্যৰত সাংবাদিক আৰু আৰক্ষীৰ মাজত ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ সামগ্ৰী এন ৯৫ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজভূষণ গগৈয়ে মুখ্য মন্ত্ৰী আৰোগ্য নিধিলৈ পঞ্চাশ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল।

ৰাজভূষণ গগৈৰ এই মহান কাৰ্যক  আৰক্ষী আৰু সাংবাদিক সকলে ধন্যবাদ জনায়।

মাস্ক আৰু চেনিচাইজাৰ প্ৰদান কৰি ৰাজভূষণ গগৈয়ে কয়, ‍‘লকডাউনৰ সময়ত দেশৰ নাগৰিকক সুৰক্ষিত কৰি ৰাখিবলৈ আৰক্ষী তথা সাংবাদিক সকলে দিন-ৰাতি এক কৰি এই যুঁজত নামি পৰিছে। জনসাধাৰণৰ সেৱাত নিয়োজিত এই সকল যাতে প্ৰথমে সুৰক্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছো’।