NORTHEAST NOW (Assamese)
অসম

হিমাচলৰ ৮ বছৰীয়া শিশুৰ বাবে দিল্লীৰ পৰা প্ৰয়োজনীয় কৰ্কট ৰোগৰ ঔষধৰ যোগান ধৰিলে ভাৰতীয় ডাক বিভাগে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 7:55 pm

ভাৰতীয় ডাক বিভাগে হিমাচল প্ৰদেশৰ উনাৰ এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৮ বছৰীয়া শিশুৰ বাবে ল’কডাউনৰ সময়ত প্ৰয়োজনীয় ঔষধৰ যোগান ধৰে।

ল’কডাউনৰ সময়ত উনাৰ কৰ্কট ৰোগত আক্ৰান্ত শিশু গৰাকীৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় ঔষধ সংগ্ৰহ কৰাটো কঠিন হৈ পৰিছিল যদিও ভাৰতীয় ডাক বিভাগে দিল্লীৰ পৰা পৰিয়ালটোৰ বাবে প্ৰয়োজনীয় ঔষধৰ যোগান ধৰে।

হিমাচল প্ৰদেশৰ চালিনি নামৰ ৮ বছৰীয়া শিশু গৰাকীৰ পৰিয়ালৰ লোকে দিল্লীত থকা এগৰাকী বন্ধুলৈ প্ৰয়োজনীয় ঔষধ দিল্লীৰ পৰা পঠিয়াবৰ বাবে অনুৰোধ কৰে।

পৰিয়ালটোৰ অনুৰোধ ৰক্ষা কৰি দিল্লীৰ বন্ধু গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ সহায় বিচাৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে হিমাচল প্ৰদেশৰ পৰিয়ালটোৱে ১৯ এপ্ৰিলৰ পূৰ্বে লাভ কৰাকৈ ঔষধৰ যোগান ধৰে।

এইক্ষেত্ৰত ৰবিশংকৰ প্ৰসাদে ভাৰতীয় ডাক বিভাগক ঔষধখিনি চালিনিৰ ঘৰলৈ পঠিওৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কয়।

মন্ত্ৰী গৰাকীৰ আহ্বানৰ পাছতে ভাৰতীয় ডাক বিভাগৰ পঞ্জাৱ, হাৰিয়ানা, দিল্লী আৰু হিমাচল প্ৰদেশ চাৰ্কোলে ঔষধখিনি পৰিয়ালটোৰ হাতত অৰ্পন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লয়।

আনহাতে, হিমাচল প্ৰদেশৰ পৰিয়ালটোৱে ঔষধখিনি লাভ কৰাৰ পাছতে কেন্দ্ৰ চৰকাৰ আৰু ভাৰতীয় ডাক বিভাগক ধন্যবাদ জ্ঞাপন কৰে।