NORTHEAST NOW (Assamese)
অসম

সুৰাৰ বটলৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো; বৰ্খাস্ত আয়কৰ বিভাগৰ তিনিগৰাকী বিষয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 7:19 pm

মধ্যপ্ৰদেশৰ ৰাইছেন জিলাৰ তিনিগৰাকী আয়কৰ বিভাগৰ বিষয়াৰ সুৰাৰ বটলৰ সৈতে ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে মধ্যপ্ৰদেশ চৰকাৰে বিষয়া তিনিগৰাকীক বৰ্খাস্ত কৰে।

ৰাজ্যখনৰ আয়কৰ বিভাগৰ তিনি বিষয়া ক্ৰমে অজয় ধাকাৰ, ধৰ্মেন্দ্ৰ মেহৰা আৰু দয়াৰাম আৰ্মাই ল’কডাউনৰ সময়ত বহু সুৰাৰ বটলৰ সৈতে ফটো উঠি ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল।

এই ফটোখন ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰিছিল আৰু বহু লোকে চৰকাৰক ৰাজ্যত সুৰা নিষিদ্ধ কৰি নিজৰ বিভাগৰ বিষয়া সকলে সুৰাপান কৰি আছে বুলি সমালোচনা কৰিছিল।

ছ’চিয়েল মিডিয়া ফটোখন ভাইৰেল হোৱাৰ পাছতে ৰাইছেন জিলা উপায়ুক্তৰ নিৰ্দেশত বিষয়া তিনিগৰাকীক বৰ্খাস্ত কৰা হয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’কডাউন ঘোষণা কৰাৰ পাছত মধ্যপ্ৰদেশতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছিল।

ভাৰতৰ ভিতৰত মধ্যপ্ৰদেশো অন্যতম ক’ৰ’না আক্ৰান্ত ৰাজ্য। ৰাজ্যখনৰ ইণ্ডোৰ জিলাত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।