NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীৰ পাছত এইবাৰ গুৱাহাটীৰ ৰাজহুৱা স্থানত পিকালে অথবা প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া April 19, 2020 4:05 pm
নতুন দিল্লীৰ পাছত এইবাৰ গুৱাহাটীৰ ৰাজহুৱা স্থানত পিকালে অথবা প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা

নতুন দিল্লী পৌৰ নিগমৰ পাছত গুৱাহাটী পৌৰ নিগমো তামোল, গুটখা আদি খাই ৰাজহুৱা স্থানত পিক পেলোৱা লোকসকলৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে।

নতুন দিল্লীৰ পাছত দেওবাৰৰ পৰা গুৱাহাটীৰ ৰাজহুৱা স্থানত পিকোৱা আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে।

আজি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজিৎ হাজৰিকাই এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

পৌৰ নিগমৰ নিৰ্দেশনা অনুসৰি মহানগৰীৰ ৰাজহুৱা স্থানত কঠোৰভাৱে পিক পেলাৱো আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ কৰা হৈছে আনহাতে যিসকল লোকে প্ৰশাসনৰ নিয়ম উলংঘা কৰি ৰাজহুৱা স্থানত পিকাই অথবা প্ৰস্ৰাৱ কৰে সেইসকল লোকে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

উল্লেখযোগ্য যে, ইয়াৰপূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ল’কডাউনৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰাজহুৱা স্থানত পিকোৱাতো শাস্তিমূলক অপৰাধ হিচাপে ঘোষণা কৰিছিল।

মূলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজহুৱা স্থানত পিক পেলোৱা আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬,০০০ অতিক্ৰম কৰাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে ৫২৭ অতিক্ৰম কৰিছে।