NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়লৈ অগপ ||এন আৰ চি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 8, 2019 9:00 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

অসম গণ পৰিষদে সদ্যপ্ৰকাশিত এন আৰ চি পুনৰীক্ষণৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ত আৱেদন জনাব।

বৰ্তমানৰ এন আৰ চিৰ ভিত্তি অসম আন্দোলনৰ বুকুত জন্ম লোৱা দলটোৱে দেওবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত বৰ্ধিত সাধাৰণ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে, এন আৰ চিৰ পৰা নাম বাদ পৰাসকলক লৈয়ো দলটোৱে এক পৰিকল্পনা যুগুত কৰিছে।

এন আৰ চি বহিৰ্ভূতসকলক অগপই সকলো ধৰণৰ আইনী সাহায্য আগবঢ়াব।

“আইনী সাহায্য দিয়াৰ উদ্দেশ্যে জিলা, সমষ্টিভিত্তিত আইন কোষ গঠন কৰি ব্যৱস্থা লোৱা হ’ব,” সাধাৰণ সভাৰ সিদ্ধান্ত সন্দৰ্ভত দলটোৰ বিবৃতিত প্ৰকাশ।

প্ৰকাশিত এন আৰ চিক লৈ ইতিমধ্যে শাসনৰ অংশীদাৰ দলটোৱে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

লগতে পঢ়ক– দেশৰ মুখ্য ন্যায়াধীশৰ কাষলৈ তৰুণ গগৈ

প্ৰকাশিত চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।