NORTHEAST NOW (Assamese)
Popular Stories

“গান্ধী-নেহৰুৱে গঢ়ি তোলা ব্যৱস্থাৰ বাবেই দেশ বাচি আছে” : মোদী চৰকাৰক কটাক্ষ শিৱসেনাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 12:40 pm

কৰোণা পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা কৰিলে শিৱ সেনাই।

শনিবাৰে শিৱ সেনাই কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিৱেশী দেশসমূহে যিসময়ত ভাৰতক সাহাৰ্য কৰিবলৈ আগবাঢ়ি আহিছে, সেইসময়তে কেন্দ্ৰীয় চৰকাৰে চেণ্ট্ৰেল ভিস্টা প্ৰকল্পৰ নামত কৌটি কৌটি টকা খৰচ কৰিছে।

শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ৰ শেহতীয়া সংখ্যাটোত এইদৰে সমালোচনা কৰা হৈছে।

এইক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতি প্ৰশংসাত পঞ্চমুখ হৈ পৰে শিৱসেনা।

শিৱসেনাই কয় যে বিজেপিৰ বহুতো নেতাই যোৱা ৭০ বছৰে কংগ্ৰেছে কি কৰিলে বুলি প্ৰশ্ন কৰে, কিন্তু মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, মনমোহন সিঙৰ ফলতে দেশখনত সুস্থ ব্যৱস্থা গঢ় লৈ উঠিছিল বুলি শিৱসেনাই কয়।

তদুপৰি এই প্ৰধানমন্ত্ৰীসকলে গঢ়ি তোলা দেশখনে আজি আন দেশৰ সাহাৰ্যত বাঁচি থাকিব লগা হোৱা বুলিও কেন্দ্ৰীয় চৰকাৰক শিৱসেনাই কটাক্ষ কৰে।

মুখপত্ৰখনত কৰোণা পৰিস্থিতিৰ বাবে বিজেপিকে কাঠগড়াত তোলা হৈছে।

শিৱসেনাই অভিযোগ কৰি কয় যে দেশত যিধৰণৰ কৰোণাৰ বৃদ্ধি হৈছে, তাত ইউনিচেফ পৰ্যন্তই আশংকা প্ৰকাশ কৰিছে যে সমগ্ৰ বিশ্বতে ভাৰতৰ কৰোণা সংক্ৰমণৰ প্ৰভাৱ পৰিব।

কেন্দ্ৰীয় চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ মন্ত্ৰক কটাক্ষ কৰি মুখপত্ৰখনত কোৱা হৈছে যে ‘আত্মনিৰ্ভৰ ভাৰত’ক ইউনিচেফৰ আবেদনমৰ্মে প্ৰতিৱেশী বাংলাদেশে ১০ হাজাৰ ৰামদেছিৱিৰৰ পেকেট পঠাবলগা হৈছে, ভূটানে অক্সিজেন দিছে, আনকি নেপাল, ম্যানমাৰ, শ্ৰীলংকাইও সাহাৰ্য প্ৰদান কৰিবলগা হৈছে।

”পাকিস্তান, ৰাৱাণ্ডা, কংগোৰ দৰে দৰিদ্ৰ দেশে ভাৰতক সাহাৰ্য প্ৰদান কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০ কোটি টকাৰ চেণ্ট্ৰেল ভিস্তা প্ৰকল্প স্থগিত ৰাখিবলৈ ৰাজী নহয়।” সামনাত এইদৰে লিখা হৈছে- ”দেশ আজি শাসক দলৰ ভুল ৰাজনীতিৰ বাবে এই অৱস্থাত উপনীত হৈছে।’

আনহাতে, মমতা বেনাৰ্জীৰ সমৰ্থনত মত প্ৰকাশ কৰি শিৱ সেনাই লিখিছে যে কৰোণাৰ তৃতীয় ঢৌৰ আশংকাক কেন্দ্ৰীয় চৰকাৰে একো ভ্ৰুক্ষেপ দিয়া নাই, তাৰ বিপৰীতে মমতা বেনাৰ্জীক আক্ৰমণ কৰি থকা আছে।

এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীক অৰাজনৈতিক জাতীয়তাবাদী হোৱাৰো পৰামৰ্শ দিছে শিৱসেনাই।