NORTHEAST NOW (Assamese)
Popular Stories

লাডাখত চীন সেনাৰ ১৬ টা নতুন শিবিৰ : সীমান্তত ৪৫ হাজাৰো অধিক সেনাৰ মোতায়েন ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 8:57 pm
images

পূৱ লাডাখ সীমান্তৰ সকলো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে ভাৰতীয় সেনা।

৪৫ হেজাৰ পদাতিক সৈন্য, টি-৯০ ভীষ্ম টেংক, আকাশমুখী ক্ষেপনাস্ত্ৰ আদিৰ লগতে এয়াৰ চাৰ্ভিলেন্স ছিষ্টেমৰো সাজু কৰা লাডাখ সীমান্তত।

ইফালে চীনে লাডাখ সীমান্তত নতুনকৈ স্থাপন কৰা ১৬ টা সেনাৰ ছাউনী উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ।

দিল্লীয়ে আগ্ৰাসী পদক্ষেপ নলয় বুলি স্থিতি স্পষ্ট কৰি কয় যে বিপক্ষই আক্ৰমণ কৰিলে যাতে প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবেহে ভাৰতীয় সেনাই নিজকে সাজু কৰি তুলিছে।

বিৰোধী ৰাজনৈতিক শিবিৰে চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলিছে যে, ইতিমধ্যে চীনে ১৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

চীনে নতুনকৈ ভাৰতীয় ভূখণ্ড দখলৰ প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈহে এই সমৰসজ্জা ভাৰতৰ।

চীনে দখল কৰা ভাৰতীয় ভূমি উদ্ধাৰ বাবে নহয় বুলিও চৰকাৰক কটাক্ষ কৰিছে বিৰোধীয়ে।

বিৰোধীৰ এই অভিযোগৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই ভাৰত চৰকাৰে। আনকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

সীমান্তত সেনাৰ সঞ্চালন আৰু মোতায়েন বঢ়ালেও চীনে দখল কৰা ভূমি উদ্ধাৰ কৰিব নে নাই সেই বিষয়ে এতিয়াও একো কোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰীয়ে।

ইফালে দুদিন পূৰ্বে ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ বৈঠকৰ পিছত এই সংঘাত নিৰশনৰ প্ৰচেষ্টা দীৰ্ঘম্যাদী হ’ব বুলি জানিব পৰা গৈছে।

দিল্লীয়ে খুব ভালদৰে বুজি উঠিছে যে এই মুহূৰ্তত সীমান্তৰ বিবাদ তথা সংঘাতৰ আশু সমাধান নাই!