NORTHEAST NOW (Assamese)
অৰুণাচল

অসমৰ কুশল কোঁৱৰ শৰ্মা, ইন্দিৰা পি পি বৰা, ৰবি কুমাৰ আৰ, যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 10:12 pm
Kushal-Konwar-Sarma-750x375

গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে পদ্ম বঁটা (পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী)ৰ ঘোষণা কৰিছে আৰু প্ৰাপকসকলৰ মাজত অসমৰ ৫জন লোকে পদ্মশ্ৰী বঁটা লাভ কৰিছে।

বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ আগ বঢ়োৱা অনন্য বৰঙনিৰ বাবে অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্ম শ্ৰী সন্মান আগ বঢ়োৱা হৈছে।

ডা: কুশল কোঁৱৰ শৰ্মাৰ উপৰি চিকিৎসা শিতানত ডা: ৰবি কুমাৰ আৰ, কলাত ইন্দিৰা পি পি বৰা আৰু সাহিত্য আৰু শিক্ষাৰ শিতানত ড০ যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শল্য চিকিৎসা আৰু ৰেডিঅ’লজি বিভাগৰ মুৰব্বী অধ্যাপক।

যোৱা তিনিটা দশক ধৰি ডা: শৰ্মাই সমগ্ৰ দেশতে বন্যপ্ৰাণীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰশংসনীয় বৰঙনি আগ বঢ়াই আহিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত।

উৎকৃষ্ট মানৰ অসমীয়া গল্প, উপন্যাস লিখি অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙনি আগ বঢ়াই অহা অৰুণাচল প্ৰদেশৰ য়েছে দৰ্জী ঠংছিকো সাহিত্য আৰু শিক্ষা শিতানত পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।