NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱস উপলক্ষে ৬৫ জন কাৰাবন্দীৰ বন্দ্বিত্ব ৰেহাই নাগালেণ্ডৰ ৰাজ্যপালৰ

January 25, 2018 8:14 pm · এন ই নাও নিউজ
নাগালেণ্ডৰ ৰাজ্যপাল

নাগালেণ্ডৰ ৰাজ্যপালে গণৰাজ্য দিৱস উপলক্ষে নাগালেণ্ড আৰু বাহিৰৰ বিভিন্ন কাৰাগাৰত বিভিন্ন গোচৰ (সামৰিক ক’ৰ্ট মাৰ্শ্বালৰ বাহিৰে)ত বন্দী হৈ থকা ৬৫ জন কাৰাবন্দীৰ বন্দ্বিত্ব ৰেহাই দিছে।

আজি জাৰি কৰা এক বিভাগীয় প্ৰে’ছ বিবৃতিযোগে কোৱা হৈছে যে ফৌজদাৰী দণ্ড বিধি ১৯৭৩ৰ ৪৩২ ধাৰাৰ উপধাৰা ১ অনুসৰি ৰাজ্যপালগৰাকীয়ে ক্ষমতা প্ৰয়োগ কৰি এই ৰেহাই প্ৰদান কৰিছে।

অৱশ্যে পূৰ্বতে উল্লেখ কৰা বিধিৰ উপধাৰা ৬ৰ অধীনত কেন্দ্ৰীয় কাৰ্য্যবাহী ক্ষমতা প্ৰয়োগ হোৱা কোনো আইনত অভিযুক্ত লোকসকলক এই ক্ষমাদান কৰা হোৱা নাই।

বিবৃতিটোত কোৱা হৈছে যে ৰাজ্যপালৰ নামত আৰু নিৰ্দেশত ২০১৮ চনৰ ২৬ জানুৱাৰিৰ পৰা এই ৰেহাই নিৰ্দেশ কাৰ্য্যকৰী হ’ব।

Related News