NORTHEAST NOW (Assamese)
Popular Stories

গধূলি মহানগৰীৰ ভঙাগড়ত বিলাসী গাড়ীৰ আইনা ভাঙি ম’বাইল চুৰি

Posted by: এন ই নাও নিউজ January 11, 2018 11:15 pm
চোৰে আইনা ভঙা গাড়ীখন

আজি গধূলি গুৱাহাটীৰ ভঙাগড় ফ্লাই অ’ভাৰৰ সমীপৰ পানী টেংকীৰ কাষত ৰখাই থোৱা এখন বিলাসী লেণ্ড ৰ’ভাৰৰ আইনা ভাঙি এটা ম’বাইল চুৰি কৰি নিয়াৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে।

ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

ঘটনাৰ বিৱৰণী মতে জনৈক প্ৰতীম শইকীয়াই উক্ত স্থানত গাড়ীখন ৰাখি তেওঁৰ ভনীয়েকৰ সৈতে বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। বন্ধুৰ ঘৰৰ পৰা উভটি আহি তেওঁলোকে গাড়ীখনৰ আইনা ভগা অৱস্থাত পাই আৰু দেখে যে ভিতৰত থকা ম’বাইলটো নাই।

এজাহা্ৰকাৰীয়ে এন ই নাওক কয় যে মহানগৰীৰ ব্যস্ততা আৰু আৰক্ষীৰ উপস্থিতিৰ মাজতে এনেদৰে পথৰ পৰাই গাড়ীৰ আইনা ভাঙি ম’বাইল চুৰি কৰি নিয়াৰ দৰে ঘটনা জনসাধাৰণৰ বাবে চিন্তাজনক।