NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰত ৰয়্টাৰৰ সাংবাদিক আটকৰ প্ৰতিবাদ মাৰ্কিন দূতাৱাসৰ

Posted by: মিজিমা নিউজ January 11, 2018 10:54 pm
হাতত হেণ্ডকাফ লৈ ক’ৰ্টপৰা ওলাই অহা অৱস্থাত সাংবাদিক লৌন। ফটোঃ মিজিমা নিউজ

মিজিমা নিউজৰ প্ৰতিবেদন অনুসৰি ম্যানমাৰৰ বিভাগীয় গোপনীয়তা আইনৰ অধীনত ৰয়টাৰৰ দুজন সাংবাদিকক আটক কৰি ৰখা ঘটনা সন্দৰ্ভত য়েংগনৰ মাৰ্কিন দূতাবাসে এক প্ৰেছ বিবৃতি জাৰি কৰিছে।

য়েংগনৰ মাৰ্কিন দূতাবাসৰ প্ৰেছ বিবৃতিত কোৱা হৈছে, ‘বিভাগীয় গোপনীয়তা আইনৰ অধীনত ৰয়টাৰৰ সাংবাদিক ৱা লৌন আৰু ক্য ছৌ উৰ বিৰুদ্ধে গোচৰ চলোৱাৰ আজিৰ সিদ্ধান্তত আমি হতাশ হৈছো। গণতন্ত্ৰৰ সফলতা আৰু উন্নতিৰ বাবে সাংবাদিকসকলে তেওঁলোকৰ কাম কৰিব পাৰিব লাগিব। আমি তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনাইছো।’

২ জন আৰক্ষীৰ পৰা শ্ৰেণীবদ্ধ দলিল হস্তগত কৰাৰ অভিযোগত বিভাগীয় গোপনীয়তা আইনৰ অধীনত ম্যান্মাৰৰ নাগৰিক ৱা লৌন (৩১ বছৰ) আৰু ক্য ছৌ উক (২৭ বছৰীয়া) এমাহ আগতে গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰায় ৬৫০০০০ গৰাকী ৰহিঙীয়া মুছলমানক চুবুৰীয়া বাংলাদেশলৈ পলাবলৈ বাধ্য কৰা আগস্তৰ পৰা উত্তৰ ৰাখিনে প্ৰদেশত চলা সেনা অভিযানৰ বিষয়ে এই দুই সাংবাদিকে বাতৰি পৰিৱেশন কৰি আহিছিল।