NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ ইনষ্টিটিউটত ‘মেটলেব’ শীৰ্ষক কৰ্মশালা সম্পন্ন

Posted by: এন ই নাও নিউজ March 24, 2018 1:19 pm
girija.jpg

অভিযান্ত্ৰিক শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে পৰিচিত গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’ল’জী, গুৱাহাটীৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহযোগত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে আয়োজন কৰা মেটলেব আৰু ছিমলিংক শীৰ্ষক কৰ্মশালাখনৰ যোৱা ২৩ মাৰ্চত সামৰণি পৰে।

উল্লেখযোগ্য যে এসপ্তাহযোৰা এই কৰ্মশালাখনত অসমৰ কেইবাখনো আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

কৰ্মশালাখনৰ সামৰণী অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিৰ লগতে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় চমুকৈ এএছটিয়ুৰ পঞ্জীয়ক ড০ নৃপেণ দাস উপস্থিত থাকে।দাসে কৰ্মশালাখনৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে এনেধৰণৰ কৰ্মশালাই শিক্ষাৰ্থী সকলক অনুপ্ৰণিত কৰিব বুলি প্ৰকাশ কৰে। তেওঁ ভৱিষ্যতেও এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ প্ৰতিষ্ঠানটোৰ লগতে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’ল’জী, গুৱাহাটীত অনুষ্ঠিত এনে ধৰণৰ কৰ্মশালাই শিক্ষাৰ্থী সকলক চিন্তাৰ নতুন সমল যোগাই আহিছে।