NORTHEAST NOW (Assamese)
অসম

গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : বিধায়িকা আঙুৰলতা

Posted by: মিণ্টু দাস July 13, 2018 10:01 am
angoor MLA

“সাহিত্য-কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক সজাই তোলা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। বটদ্ৰৱাক বিশ্ব পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় আন্ত:গাঁথনি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে চলি আছে”- এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ।

বৃহস্পতিবাৰে গড়কাপ্তানি বিভাগৰ নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ বটদ্ৰৱাস্থিত কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ হ’বলগীয়া দুমহলীয়া পৰিদৰ্শন বঙলাটোৰ শিলান্যাস কৰি বিধায়িকাগৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত বটদ্ৰৱা উন্নয়ন সমিতিয়ে আগন্তুক দুমাহৰ ভিতৰত নতুন ৰূপৰেখা দাঙি ধৰিব পাৰিব।

ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা দুমহলীয়া পৰিদৰ্শন বঙলাটিৰ শিলান্যাস অনুষ্ঠানত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়-ববীয়া, বিজেপিৰ বটদ্ৰৱা আৰু ধিং মণ্ডল সমিতিৰ নেতা-কৰ্মী আৰু স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে।