NORTHEAST NOW (Assamese)
অসম

কয়লা ছিণ্ডিকেট কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ দুজন এনফ’ৰ্চমেণ্ট পৰিদৰ্শক

Posted by: এন ই নাও নিউজ July 13, 2018 9:13 am
arrested-680x365

কয়লা ছিণ্ডিকেট কেলংকাৰিৰ গোচৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে দুজন এনফ’ৰ্চমেণ্ট পৰিদৰ্শকক। ইতিমধ্যে চি আই ডিৰ পৰা জেৰাৰ চমন লাভ কৰাৰ পিছতো হাজিৰ হোৱাৰ সলনি জামিন বিচাৰি আদালতৰ শৰনাপন্ন হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা এনফ’ৰ্চমেণ্ট পৰিদৰ্শক অনুৰাগ শাণ্ডিল্য আৰু টেপুৰাম বৰাক বৃহস্পতিবাৰে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে।

উচ্চতম ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পাছত বৃহস্পতিবাৰে চি আই ডিয়ে এনফ’ৰ্চমেণ্ট পৰিদৰ্শক শাণ্ডিল্য আৰু বৰা দুয়োজনকে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে মহানগৰীৰ খানাপাৰাৰ লগতে ৰাজ্যখনৰ ভিন্ন স্থানত অবৈধভাৱে কয়লা পৰিবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি অভাৰলোড ট্ৰাকক মুকলি কৰি দিয়াৰ অভিযোগত জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষৰ লগতে কেইবাগৰাকীও এনফ’ৰ্চমেণ্ট পৰিদৰ্শক আৰু চেকাৰৰ নাম সাঙোৰ খাই পৰিছিল।

চি আই ডিয়ে ইতিমধ্যে এই সন্দৰ্ভত অভিযান চলাই তথ্য উন্মোচন কৰাৰ পাছত গোচৰ ৰুজু কৰি যোগীঘোপা আৰু গুৱাহাটীৰ ৯জন পৰিদৰ্শক আৰু চেকাৰক গ্ৰেপ্তাৰ কৰছিল। এই গোচৰতে বৃহস্পতিবাৰে পুনৰ এনফ’ৰ্চমেণ্ট পৰিদৰ্শক দুজনক গ্ৰেপ্তাৰ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে উক্ত গোচৰত সাঙোৰ খাই পৰা জিলা পৰিবহন বিষয়া প্ৰসেনজিৎ ঘোষক শাস্তিমূলকভাৱে তেজপুৰলৈ বদলি কৰা হৈছিল যদিও এ পি এছ চি কেলেংকাৰিৰ গোচৰত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰসেনজিৎ ঘোষক গ্ৰেপ্তাৰ কৰে।

আনহাতে, চি আই ডিয়ে কয়লা ছিণ্ডিকেট কেলেংকাৰিৰ তদন্ত চলাই ৰখাৰ লগতে অভিযানো অব্যাহত ৰাখিছে।