NORTHEAST NOW (Assamese)
দেশ

উচ্চতম ন্যায়ালয়ত বিমুখ চিছ’দিয়া: উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2023 6:40 pm
Supreme Court on Manish Sisodia

চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চপা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া বিমুখ হৈছে শীৰ্ষ আদালতত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে চিছ’দিয়াৰ আবেদন প্ৰাথমিক পৰ্যায়তে গ্ৰহণ কৰিবলৈ অনিচ্ছুকতা দেখুৱাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ পৰামৰ্শ দিয়ে।

চিছ’দিয়াক প্ৰতিনিধিত্ব কৰা অধিবক্তা অভিষেক সিংভীয়ে আদালতৰ মজিয়াত চিছ’দিয়াৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা দিয়ে। তেওঁ এই দাবীৰ সমৰ্থনত সুৰা নীতিৰ গোচৰত চাৰ্জশ্বীটত চিছ’দিয়াৰ নাম নাই আৰু তালাচীত কোনো হিচাপহীন নগদ ধন পোৱা নগ’ল বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।

গোচৰৰ তদন্তৰ সময়ত চিছ’দিয়াই সহযোগ নকৰা বুলি চিবিআই- এ কৰা অভিযোগকো দুৰ্বল অজুহাত আখ্যা দিয়ে অধিবক্তাগৰাকীয়ে। তেওঁৰ যুক্তিৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ দিয়ে। “আমাৰ দুৱাৰ খোলা আছে, কিন্তু আমি এই পৰ্যায়ত শুনানিৰ বাবে সাজু নহয়।”– চন্দ্ৰচূড়ে কয়।

আনহাতে এই গ্ৰেপ্তাৰক ‘অবৈধ’ বুলি ৰায় দিবলৈ চিছ’দিয়াই কৰা অনুৰোধৰ কথা উল্লেখ কৰি ন্যায়াধীশ পি এছ নৰসিংহই কয়, “এয়া অতি বেয়া নজিৰ হ’ব। আপুনি কেৱল দিল্লীত থকাৰ বাবেই এই কাম কৰিব নোৱাৰে।”

উল্লেখ্য যে, আজি দুপৰীয়াৰ ভাগত বিষয়টোৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সময়ত সিংভীয়ে বিনোদ ডুৱা গোচৰৰ উদাহৰণ দি তৎকালীনভাৱে শীৰ্ষ আদালতৰ কাষ চপা বুলি আদালতক জনাইছিল আৰু আদালতে বিষয়টো বিয়লিলৈ শুনানিৰ বাবে নিৰ্ধাৰণ কৰিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ক’ভিদ মহামাৰীৰ প্ৰসঙ্গত কেন্দ্ৰীয় চৰকাৰক কৰা সমালোচনাক লৈ বিনোদ ডুৱাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ উত্থাপন হৈছিল। ডুৱাই পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছত উচ্চতম ন্যায়ালয়ে এই অভিযোগ বাতিল কৰিছিল।

আজি উচ্চতম ন্যায়ালয়ে চিছ’দিয়াৰ আবেদনৰ শুনানিৰ সময়ত অধিবক্তা সিংভীয়ে দাঙি ধৰা বিনোদ ডুৱা গোচৰৰ সৈতে চিছ’দিয়াৰ গোচৰৰ কোনো ধৰণৰ প্ৰাসংগিকতা নাই বুলি আঙুলিয়াই দিয়ে। ন্যায়ালয়ে কয় যে সাংবাদিক ডুৱাৰ বিষয়টো বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ বিষয় আছিল। আনহাতে চিছ’দিয়াৰ বিৰুদ্ধে দুৰ্নীতি বিষয়ক অভিযোগহে উত্থাপন হৈছে।

উচ্চতম ন্যায়ালয়ত বিমুখ হোৱাৰ পিছত আম আদমী পাৰ্টিয়ে এক বিবৃতিত চিছ’দিয়াৰ গ্ৰেপ্তাৰক শীঘ্ৰেই দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি সদৰী কৰিছে।