NORTHEAST NOW (Assamese)
অভিমত

স্তন কেঞ্চাৰৰ বিষয়ে জানো আহক

Posted by: ডাঃ বিক্ৰম কুমাৰ ডেকা Updated by: ডাঃ বিক্ৰম কুমাৰ ডেকা February 28, 2023 7:22 pm
Breast cancer

স্তন কেঞ্চাৰৰ বিষয়ে নজনা বা এই নামটি নুশুনা মানুহ হয়তো খুব কমেই হে ওলাব। যদিওবা নাৰী-পুৰুষ উভয়েই এইবিধ কেঞ্চাৰৰোগত আক্ৰান্ত হ’ব পাৰে, তথাপি, এই কেঞ্চাৰত আক্ৰান্ত হোৱা নাৰীৰ সংখ্যাই অধিক। সমগ্ৰ বিশ্বতে আটাইতকৈ বেছিকৈ হোৱা কৰ্কটৰোগবিধেই হৈছে স্তনৰ কৰ্কটৰোগ। লগতে, ভাৰতবৰ্ষ তথা অসমৰ নাৰীসকল আটাইতকৈ বেছিকৈ আক্ৰান্ত হোৱা কেঞ্চাৰবিধেই হৈছে স্তনৰ কেঞ্চাৰ। তদুপৰি এগৰাকী নাৰীৰ যি যি ধৰণৰ কেঞ্চাৰৰোগ হ’ব পাৰে, তাৰো ২৬% কেঞ্চাৰেই স্তনৰ কেঞ্চাৰ। পুৰুষ-মহিলা উভয়ৰ অনুপাতেও ১৩% কেঞ্চাৰেই স্তনৰ কেঞ্চাৰ। প্ৰতি ৮ গৰাকী নাৰীৰ ভিতৰত এগৰাকী নাৰীয়ে নিজ জীৱনকালত স্তনৰ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ পৰিসংখ্যা দেখা গৈছে।

যদিওবা, এই পৰিসংখ্যা খুব এক আশাব্যঞ্জক নহয়, তথাপিও, প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে স্তন কেঞ্চাৰৰ সঠিক চিকিৎসাৰ জড়িয়তে এক সুস্থ তথা স্বাভাৱিক জীৱন যাপন কৰা সম্ভৱ। আজি এই স্তন কেঞ্চাৰৰ বিষয়েই কিছু কথা জনাবলৈ ওলাইছোঁ৷ প্ৰথমেই আহিছো স্তন কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পৰা কাৰকসমূহৰ কথালৈ। অৰ্থাৎ, যি যি কাৰকৰ ফলস্বৰূপে এজন ব্যক্তি স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাৰ প্ৰৱণতা অধিক হয়। তেনে কেইটিমান কাৰকৰ বিষয়ে তলত উল্লেখ কৰিছো-

১)জিনগত কাৰক,
২)পৰিয়ালকেন্দ্ৰিক কাৰক,
৩)হৰম’নকেন্দ্ৰিক কাৰক,
৪)পৰিবেশকেন্দ্ৰিক কাৰক,
৫)খাদ্যাভাষ আৰু জীৱনশৈলী ভিত্তিক,
৬)৫ ৰ পৰা ১০% বংশানুক্ৰমিক,
৭)আৰু যদিহে এগৰাকী নাৰীৰ পৰিয়ালত মাতৃ বা ভগ্নী স্তন কেঞ্চাৰত আক্ৰান্ত হয়, তেন্তে সেই নাৰীগৰাকীৰ স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাৰ প্ৰৱণতা ১•৫ ৰ পৰা ৩ শতাংশই অধিক হয়।

What is Breast Cancer? know more to Beat Breast Cancer
আজিৰ এই লেখাত মূলতঃ বংশানুক্ৰমিক কাৰকবিধৰ বিষয়েই কিছু কথা জনাম। অৰ্থাৎ, বংশগত কাৰকৰ ফলত হোৱা কেঞ্চাৰৰোগৰ বিষয়ে উদাহৰণসহ কিছুখিনি কথা জনাম। এইক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ হৈছে-হলীউডৰ বিশ্বখ্যাত অভিনেত্ৰী তথা সমাজকৰ্মী এঞ্জেলিনা জলীৰ স্তনকেঞ্চাৰৰ লগত সম্পৰ্ক আৰু এইক্ষেত্ৰত অভিনেত্ৰীগৰাকীৰ পদক্ষেপ। অন্যতম সু-অভিনেত্ৰী তথা সুন্দৰী নাৰীগৰাকীৰ এই পদক্ষেপে সেইসময়ত তেওঁ‌ৰ অনুৰাগীসমূহৰ লগতেই, সমগ্ৰ বিশ্ববাসীকে স্তম্ভিত কৰি তুলিছিল৷ পিছে তেওঁ‌ৰ এই পদক্ষেপ যথোপযুক্ত আছিল৷ কিয় আৰু কিদৰে এই অভিনেত্ৰীগৰাকীয়ে এনে আচম্বিত পদক্ষেপ গ্ৰহণ কৰিছিলে, আৰু তেওঁ‌ৰ এই পদক্ষেপ কিয় যথোপযুক্ত সেই বিষয়ে আজি উল্লেখ কৰিবলৈ ওলাইছো।

এঞ্জেলিনা জলীৰ মাতৃ স্তন আৰু ডিম্বাশয়ৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰ ফলতেই মৃত্যু ঘটিছিল৷ তেওঁ‌ৰ আইতাকৰো ডিম্বাশয়ৰ কৰ্কটৰোগতেই মৃত্যু ঘটিছিলে। লগতেই, জলীৰ মাতৃৰ এগৰাকী ভগ্নীৰো মৃত্যু ঘটিছিলে স্তন কেঞ্চাৰৰ ফলতেই। গতিকেই, স্তন কেঞ্চাৰৰ বংশানুক্ৰমিক কাৰকৰ ফালৰ পৰা, এঞ্জেলিনা জলীও এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছিল৷ চিকিৎসা বিজ্ঞানত “বি আৰ চি এ-১ আৰু বি আৰ চি এ-২”- এই দুবিধ অৰ্থাৎ স্তন কেঞ্চাৰৰ জিনগত বিসংগতিক পৰীক্ষাৰ মাধ্যমেৰে ধৰা পেলোৱাৰ পদ্ধতি আছে।

Breast Cancer: Symptoms and Early Warning Signs - Dr. Tan Chuan Chien

এঞ্জেলিনা জলীৰ এই জিনগত পৰীক্ষাৰ ফলাফলত, বি আৰ চি এ-১- পজিটিভ আহিছিল৷ অৰ্থাৎ, অভিনেত্ৰীগৰাকী পৰৱৰ্তী সময়ত স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৮৭% তথা, ডিম্বাশয়ৰ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৫০% আছিল৷ আৰু ইয়াৰ লগতে, জলীৰ যি তিনিটি জৈৱিক সন্তান আছে, সেই তিনিওটিৰ দেহলৈকেই এই জিন যোৱাৰ সম্ভাৱনাও ৫০% আছিল৷

এই ফলাফলৰ পিছত অভিনেত্ৰীগৰাকীয়ে ৩৭ বছৰ বয়সত, ২০১৩ চনত “প্ৰফিলেক্টিক মেছেক্টমী”-নামৰ অস্ত্ৰোপচাৰৰ মাধ্যমেৰে নিজৰ দুয়োটি স্তন কাটি পেলাইছিল। জলীৰ এই পদক্ষেপে তেওঁ‌ৰ অনুৰাগীসকলৰ লগতেই অন্যান্যসকলকো স্তম্ভিত কৰি তুলিছিলে। পুনৰাই, ২০১৫ চনত তেওঁ‌ দুটি ডিম্বাশয় গুছাই পেলোৱাৰ অস্ত্ৰোপচাৰো কৰিছিলে। স্তন দুটি গুছোৱাৰ ফলস্বৰূপে, জলীৰ স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৫% কমি গ’ল। সেই সময়ত এই বিষয়ক লৈ বহু চৰ্চা চলিছিল যে অভিনেত্ৰীগৰাকীয়ে অত্যধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, নে এক শক্তিশালী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিলে- এই লৈ।

Angelina Jolie Pitt's surgery is just one option for women at risk of cancer

পিছে, এজন কেঞ্চাৰ ৰোগ বিশেষজ্ঞ হিচাপে, মোৰ মতামত অনুসৰি- তেওঁ‌ এক শক্তিশালী, সচেতনতামূলক প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিলে বুলিয়েই কম। নিজৰ দেহ আৰু সম্ভাৱনাপূৰ্ণ ৰোগৰ বিষয়ে ইমানখিনি সচেতনতা আৰু তাৰ ভিত্তিক পদক্ষেপ গ্ৰহণ কৰা- এইখিনিয়ে মাথোঁ তেওঁ‌কেই সুৰক্ষিত কৰা নাই, বিশ্বৰ ভিন্ন প্ৰান্তৰ আন বহু নাৰীৰ বাবে স্তন কেঞ্চাৰৰ সজাগতা আৰু সচেতনতা সম্পৰ্কে এক আদৰ্শ স্থাপন কৰিলে। শেষত এটি কথাৰে মুখনি মাৰিব খুজিছো যে- স্তন কেঞ্চাৰত আক্ৰান্ত হৈ, মানুহ মৃত্যুমুখত নপৰে, যদিহে স্তন কেঞ্চাৰ প্ৰাৰম্ভিক পৰ্যায় বা এনেধৰণৰ পূৰ্বৱৰ্তী পৰীক্ষণৰ যোগেদি ধৰা পৰে। কাৰণ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে, এই ৰোগৰ পৰা উপশম লাভ কৰি, এটি স্বাভাৱিক জীৱন যাপন কৰা সম্ভৱ।

(লেখক ডাঃ বিক্ৰম কুমাৰ ডেকা এগৰাকী কেন্সাৰ ৰোগ বিশেষজ্ঞ। ৰ’ব’টিক শল্য চিকিৎসক ডাঃ বিক্ৰম কুমাৰ ডেকা দিল্লীস্থিত বি এল কে মেক্স হাস্পতালত কৰ্মৰত। লেখকৰ ফোন: ৯৫৬০৬৩০২০৫)