NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰীড়াতকৈ শক্তিশালী আন কি হ’ব পাৰে ভাতৃত্ববোধৰ আধাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2023 6:12 pm
Besiktas fans throw toys

যোৱা ৬ ফেব্ৰুৱাৰীত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিছে তুৰ্কী আৰু ছিৰিয়া। ভূমিকম্পই সৃষ্টি কৰা ধ্বংসস্তূপৰ মাজত তুৰ্কী-ছিৰিয়াত এতিয়াও মৃত্যুৰ কিৰিলি। আবাল বৃদ্ধৰ পৰা কণ-কণ শিশুলৈকে ৫০ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱালে এই প্ৰলয়ংকাৰী ভূমিকম্পত।

ভূমিকম্প বিধ্বস্ত তুৰস্কই এই মহাপ্ৰলয়ৰ সময়ত আন্ত:ৰাষ্ট্ৰীয় সহানুভূতি লাভ কৰিছে। পিছে দেওবাৰে এখন ফুটবল মেচৰ সময়ত ধ্বংসস্তূপত পৰিণত হোৱা তুৰ্কী আৰু ছিৰিয়াৰ প্ৰতি দেখুওৱা মানৱতাবোধৰ নিৰ্মল নিদৰ্শনে জয় কৰিছে সমগ্ৰ বিশ্ববাসীৰ মন।

কোৱা হয়, ক্ৰীড়া ভাতৃত্ববোধৰ আধাৰ। আচলতে ক’ব পাৰি, ক্ৰীড়াতকৈ শক্তিশালী ভাতৃত্ববোধৰ আন আধাৰ কি হ’ব পাৰে! এয়াই যেন প্ৰমাণ কৰি দেখুৱালে তুৰ্কীৰ ফুটবল ক্লাব বেছিকটাছৰ অনুৰাগীসকলে।

Fans throw toys onto the pitch during the Turkish Super League football match

দেওবাৰে ইষ্টানবুলৰ ভোডাফোন পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বেছিকটাছ আৰু আণ্টালিয়াস্পৰ মাজৰ লীগ মেচৰ সময়তে ভাতৃত্ববোধ আৰু মানৱতাবোধৰ অমূল্য নিদৰ্শন দাঙি ধৰি বেছিকটাছৰ অনুৰাগীসকলে গেলাৰীৰ পৰা খেলপথাৰলৈ নিক্ষেপ কৰে হাজাৰ হাজাৰ পুতলা।

Fans throw toys onto the pitch during the Turkish Super League football match

কি আছিল এই পুতলা নিক্ষেপৰ আঁৰৰ উদ্দেশ্য! বেছিকটাছৰ অনুৰাগীসকলে এইদৰেই দাঙি ধৰিছিল তুৰ্কী-ছিৰিয়াত ভূমিকম্পই ক্ষতিগ্ৰস্ত হোৱা শিশুসকলৰ প্ৰতি তেওঁলোকৰ সহযোগিতা। এয়া আছিল তেওঁলোকে বিশ্বক দেখুওৱা সংহতিৰ প্ৰতীক।

Fans throw toys onto the pitch during the Turkish Super League football match

মেচখনৰ ৪ মিনিট ১৭ ছেকেণ্ড সময়তে ফুটবল ক্লাবটোৰ অনুৰাগীসকলে এইদৰে উপহাৰসমূহ খেলপথাৰলৈ দলিয়াইছিল। উল্লেখ্য যে ৬ ফেব্ৰুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৪:১৭ বজাতে তুৰস্কত প্ৰথমটো কম্পনৰ সৃষ্টি হৈছিল।

Fans throw toys onto the pitch during the Turkish Super League football match

খেলৰ পূৰ্বে ভোডাফোন পাৰ্ক ষ্টেডিয়ামৰ আসনত ভূমিকম্পত আক্ৰান্ত শিশুৰ বাবে পুতলা তথা খেলৰ সামগ্ৰী ৰখা হয়।

Fans throw toys onto the pitch during the Turkish Super League football match

ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলৰ শিশুসকলক এই খেলনা সমূহ দান কৰা হ’ব

Fans throw toys onto the pitch during the Turkish Super League football match

Fans throw toys onto the pitch during the Turkish Super League football match

দুয়োটা ক্লাবৰ খেলুৱৈয়ে অনুৰাগীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি খেলপথাৰৰ চাৰিওফালে পৰি থকা খেলৰ সামগ্ৰীসমূহ গোটাই লয়।