NORTHEAST NOW (Assamese)
অসম

অনিমেষ ভূঞা হত্যাকাণ্ড: জানুৱাৰীত শক্তিশালী অভিযোগপত্ৰ দাখিল কৰিব আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2021 6:50 pm
Animesh Bhuyan lynching

ৰাজ্য কঁপাই যোৱা অনিমেশ ভূঞা লিঞ্চিং গোচৰৰ অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে জানুৱাৰীত শক্তিশালী অভিযোগপত্ৰ দাখিল কৰা হ’ব। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি এই কথা সদৰী কৰিছে।

জিপি সিঙে যোৰহাট ভ্ৰমণৰ সময়ত কয় যে গোচৰটোৰ তদন্ত সঠিক পথত আছে আৰু সকলো দিশৰ তদন্ত কৰা হৈছে।

তেওঁ লগতে কয় যে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ পৰ্যাপ্ত সাক্ষী আছে। সাধাৰণ ৰাইজৰ লগতে ভুক্তভোগীসকলক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীসকলো ঘটনাৰ সাক্ষী হিচাপে আছে বুলি তেওঁ কয়।”

“আনকি আমাৰ ওচৰত চিচিটিভি ফুটেজ আছে আৰু প্ৰমাণ হিচাপে ফোন জব্দ কৰা হৈছে।” তেওঁ লগতে কয়।

জ্যেষ্ঠ আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি সকলো ফুটেজ আৰু জব্দ কৰা সামগ্ৰী ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো ১০-১২ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

সিঙে লগতে কয়, “জানুৱাৰীৰ প্ৰথম সপ্তাহত আমি এক শক্তিশালী অভিযোগপত্ৰ দাখিল কৰিবলৈ সক্ষম হ’ম।”

উল্লেখ্য যে ২৯ নৱেম্বৰত যোৰহাট চহৰত এক উচ্ছৃংখল জনতাৰ আক্ৰমণত অনিমেষ ভূঞাৰ মৃত্যু হোৱাৰ লগতে এজন স্থানীয় সাংবাদিক আৰু এজন যুৱক আহত হয়।

আছু নেতা অনিমেশ ভূঞা আৰু সাংবাদিক মৃদুমন্ত বৰুৱাক আক্ৰমণ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।