NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত দুজনক আটক; ৩ লাখ নগদ ধন উদ্ধাৰ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ September 7, 2019 8:48 pm
লখিমপুৰৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত দুজনক আটক; ৩ লাখ নগদ ধন উদ্ধাৰ

লখিমপুৰ আৰক্ষীয়ে আজি এক অভিযান চলাই ডকাইতিৰ ঘটনাত জড়িত দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটকধীন দুজনক ৰাকেশ পেগু আৰু মিৰজ আলী বুলি চিনাক্ত কৰা হৈছে।

আজি আটকাধীন দুয়জনেই বৃহস্পতিবাৰ অৰ্থাৎ ৫ ছেপ্টেম্বৰত লখিমপুৰত সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আজি আটকাধীন পেগু আৰু আলীৰ পৰা ৩ লাখ নগদ ধন, দুখন মটৰচাইকেল, ১০ টা ম’বাইল, বহু সংখ্যক ছিমকাৰ্ডৰ লগতে ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা আৰু বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে উত্তৰ লখিমপুৰৰ চিনাটালিয়া নামৰ এটা অঞ্চলত বৃহস্পতিবাৰৰ দিনা পুৱাৰ ভাগত ডকাইতৰ এটা দলে অৰুণ দত্ত নামৰ এজন লোকৰ ঘৰত ডকাইতিকাণ্ড সংঘটিত কৰিছিল।

ডকাইতৰ দলটোৱে অৰুণ দত্তৰ ঘৰৰ পৰা ৯ লাখ টকা নগদ ধন, সোণৰ গহনাৰ লগতে আৰু অন্যান্য সামগ্ৰী লুটি নিছিল। আনকি ডকাইতৰ দলটোৱে অৰুণ দত্তক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰতৰভাৱে আঘাত কৰিছিল।

পিছত অৰুণ দত্তক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰা হয়। ইফালে আৰক্ষীয়ে ডকাইতিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা ক্ষীপ্ৰতাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছিল।