NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সকলো পদক্ষেপ বন্ধ কৰাৰ দাবী কৰ্মচাৰী পৰিষদৰ

Posted by: এন ই নাও নিউজ November 6, 2018 12:34 pm
21-11-15 Guwahati- Asam Karmachari Parishad protest (1)

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সম্পৰ্কত চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

তিনিচুকীয়াৰ ধলাৰ দৰে পৰিস্থিতি পুনৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী পৰিষদে কৰ্ণাধাৰ সমিতিৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গ্ৰহণ কৰা সকলো পদক্ষেপ স্থগিত ৰাখিবলৈ চৰকাৰক আহ্বান জনাই এক সিদ্ধান্ত গ্ৰহণ কৰে।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ভূপেন বৰা আৰু সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদে জনায় যে অসম আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চুক্তিত আঘাত হোৱা কোনো কাম সহ্য নকৰে। ইতিমধ্যে যুটীয়া সংসদীয় কমিটীৰ ওচৰত কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বিশদভাৱে উপস্থাপন কৰিছে।

এটা বিবৃতিৰ জৰিয়তে পৰিষদৰ নেতা দুগৰাকীয়ে কয় যে অসম আন্দোলনৰ সময়ত কৰ্মচাৰীসকলে দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি কৈ ৰাজপথলৈ ওলাই আহিছিল। অসম আন্দোলনত যিসকল লোক চহিদ হৈছিল তাৰ মাজত ৬৮ গৰাকী কৰ্মচাৰীও চহিদ হৈছিল। তদুপৰি, কৰ্মচাৰী চহিদ হোৱাৰ লগতে কৰ্মচাৰীৰ মাজৰেই বাই-ভনী ধৰ্ষিতা হ’ব লগাও হৈছিল।

এই অসম আন্দোলনৰ ত্যাগৰ ফলত স্বাক্ষৰিত হোৱা অসম চুক্তিক ভাৰত চৰকাৰ, অসম চৰকাৰ প্ৰমুখ্যে সৰ্বস্তৰৰ জনতাই সমৰ্থন কৰাৰ কথা উল্লেখ কৰি এতিয়া সেই চুক্তি উলংঘন হ’বলৈ কৰ্মচাৰী পৰিষদে কেতিয়াও দিব নোৱাৰে বুলি নেতা দুগৰাকীয়ে সদৰী কৰে।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি পৰিষদে বিধেয়কখন সন্দৰ্ভত চৰকাৰে স্থিতি গ্ৰহণ কৰা দিনৰে পৰাই অসমৰ জাতীয় জীৱনলৈ অশান্তিকৰ পৰিৱেশ নামি আহিছে বুলিও নেতা দুগৰাকীয়ে ব্যক্ত কৰে।

সেয়েহে, অনাগত দিনত যাতে তিনিচুকীয়াৰ ধলাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যিকোনো পদক্ষেপ স্থগিত ৰখাৰ বাবে কৰ্মচাৰী পৰিষদে বিবৃতিটোৰ যোগেদি দাবী জনাইছে।