NORTHEAST NOW (Assamese)
অসম

১০-১১ নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ৰাইনো অ’টক্ৰছ চেলেঞ্জ

Posted by: এন ই নাও নিউজ November 6, 2018 12:37 pm
848cfe42b6c850dcfc3bf80aab0f22fc

অহা ১০ আৰু ১১ নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ৰাইনো অ’টক্ৰছ চেলেঞ্জ । সোমবাৰে নৰ্থ-ইষ্টাৰ্ণ মটৰ স্প’ৰ্টছ এছ’চিয়েশ্যনে এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে।

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এছ’চিয়েশ্যনৰ বিষয়ববীয়াই প্ৰতিযোগিতাখনৰ বিষয়ে জানিবলৈ দি কয় যে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বক্সিং ৰিঙৰ সমীপত অনুষ্ঠিত হ’ব প্ৰথমদিনা কোৱালিফায়িং ৰাউণ্ড আৰু ১১ নৱেম্বৰত হ’ব মূল ৰাউণ্ডৰ খেল।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ শ্লোগান হৈছে এটা খৰ্গযুক্ত গঁড়ৰ সুৰক্ষা আৰু গাড়ীৰ হৰ্ণৰ কম ব্যৱহাৰ। প্ৰতিযোগিতাখনত মহিলাৰ বাবে এটা শাখাকে ধৰি মুঠ আঠটা ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব আৰু প্ৰতিটো শাখাৰে প্ৰথম তিনিটা স্থান প্ৰাপ্তই ডিচেম্বৰত কইম্বাট’ৰত ৰাষ্ট্ৰীয় ভিত্তিত হ’বলগীয়া মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰিব।

এক কিলোমিটাৰ দৈৰ্ঘ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ উপৰি দেশৰ আৰু চাৰিটা মণ্ডলত প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব বুলি জনায়।

উল্লেখ্য যে উত্তৰ-পূব লেগৰ প্ৰতিটো শাখাৰে প্ৰথম তিনিটা স্থান পাওতাক ট্ৰফী আৰু প্ৰমাণপত্ৰৰ লগতে ১০,৭ আৰু ৫ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢোৱা হ’ব।

অহা ৯ নৱেম্বৰৰ পূৰ্বে টুৰ্ণামেণ্টত যোগদানৰ বাবে যোগাযোগ কৰিব লাগিব বুলি কালিৰ সংবাদমেলত সদৰী কৰে। অসমৰ উপৰি টুৰ্ণামেণ্টখনত অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ খেলুৱৈয়ে অংশ ল’ব।

কালিৰ সংবাদমেলত এছ’চিয়েশ্যনৰ সভাপতি দীপাঞ্জন কোঁৱৰ, সম্পাদক দিগন্ত হাজৰিকা, প্ৰমথেশ বৰুৱা, পংকজ গোস্বামীৰ লগতে সহকাৰী সম্পাদক ভাস্কৰ চৌধুৰীও উপস্থিত থাকে।