NORTHEAST NOW (Assamese)
অসম

যুদ্ধ বিপৰ্যয়! ইউক্ৰেইনৰ চাৰিটা সংযুক্ত অঞ্চলত সামৰিক আইন জাৰিৰ ঘোষণা পুটিনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2022 8:31 pm
যুদ্ধ বিপৰ্যয়! ইউক্ৰেইনৰ চাৰিটা সংযুক্ত অঞ্চলত সামৰিক আইন জাৰিৰ ঘোষণা পুটিনৰ

Putin declares martial law ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ চাৰিটা অঞ্চলত সামৰিক আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছে। এই অঞ্চলকেইটা ইতিমধ্যে ৰাছিয়ান ফেডাৰেচনৰ সৈতে সংযুক্ত কৰা হৈছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে এটা ভাষণত পুটিনে এই ঘোষণা কৰে।

পুটিনে বুধবাৰে মস্কোৰ সময় অনুসৰি আবেলি ৩ বজাত ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এখন বৈঠকত ভাষণ দিয়ে। ভাষণৰ আৰম্ভণিতে পুটিনে কয় যে অধিকৃত অঞ্চলসমূহত মনোনীত ৰাছিয়াৰ নেতাসকলক অতিৰিক্ত নিৰাপত্তা প্ৰদান কৰা হ’ব।

লগতে পঢ়ক: মাৰ্কিন থিংক টেংকৰ প্ৰতিবেদন! ৰাছিয়া আৰু চীনৰ বিৰুদ্ধে যুদ্ধ জিকাৰ ক্ষমতা নাই আমেৰিকাৰ

ফাইনেন্সিয়েল টাইমছৰ সাংবাদিক মেক্স ছেডনে জানিবলৈ দিছে যে ইউক্ৰেইনৰ সেনাৰ প্ৰত্যাক্ৰমণৰ ফলত ৰাছিয়াৰ সেনা এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে।

ইয়াৰ মাজতে পুটিনে অঞ্চলবোৰত সামৰিক আইন জাৰি কৰে। পুটিনৰ সামৰিক আইনে ৰাজহুৱা সমাৱেশ আৰু ভ্ৰমণ নিষিদ্ধ কৰিব বুলি ধাৰণা কৰা হৈছে।