NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত কৰ্মৰত ফৰেষ্ট বেটেলিয়ন কৰ্মীৰ ৰহস্যজনক মৃত্যু; আৰক্ষীক অভিযোগ পৰিয়ালৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 6, 2018 11:25 am
IMG_20181106_084445 (1) (1)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰি বন শিৱিৰত কৰ্মৰত ফৰেষ্ট বেটেলিয়ন কৰ্মী অজিত বৰাই যোৱা নিশা মৃত্যুক সাৱটি লোৱাৰ পাছতে এতিয়া সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখ্য যে ফৰেষ্ট বেটেলিয়নৰ হাবিলদাৰ অজিত বৰাৰ মৃত্যু এক ৰহস্যজনক আখ্যা দি পৰিয়ালৰ লোকে আজি পুৱা  বোকাখাত আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে। শাৰিৰীক অত্যাচাৰৰ ফলতেই অজিত বৰাই এনেদৰে অস্বাভাৱিক মৃত্যুক আকোৱালি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।

জানিব পৰা মতে অজিত বৰাই যোৱা নিশা কৰ্মৰত অৱস্থাতে অত্যাধিক মদ্যপান কৰিছিল। যাৰ বাবে তেওঁক বনকৰ্মীয়ে জখলাবন্ধা আৰক্ষী থানালৈ নি আৰক্ষীক চমজাই দিছিল। পিছত আৰক্ষীয়ে অজিত বৰাৰ মেডিকেল টেষ্ট সম্পন্ন কৰি বোকাখাতৰ সাপজুৰিত থকা বাসগৃহত থৈ আহে।

ফৰেষ্ট বেটেলিয়ন কৰ্মী অজিত বৰাক তেওঁৰ ঘৰৰ বাৰান্দাতে মুমুৰ্ষ অৱস্থাত এৰি থৈ আহিছিল আৰক্ষীয়ে। আৰু ইয়াৰ কিছু সময়ৰ পাছতে ৰহস্যজনকভাৱে মৃত্যু হয় অজিত বৰাৰ। এনেদৰে হঠাৎ মৃত্যুবৰণ হোৱা কাৰ্যক সহজভাৱে ল’ব নোৱাৰি পৰিয়ালৰ লোকে বোকাখাত আৰক্ষীক মৃত্যু সন্দৰ্ভত এক অভিযোগ দাখিল কৰে।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিতে আজি পুৱা অজিত বৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সম্প্ৰতি ফৰেষ্ট বেটেলিয়ন কৰ্মী অজিত বৰাৰ মৃত্যুক লৈ এক বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে সাপজুৰি অঞ্চলত।