NORTHEAST NOW (Assamese)
অসম

৫০০০ৰ সীমা অতিক্ৰম অসমত ক’ভিড মুক্তৰ, আৰোগ্যৰ হাৰ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 8:31 pm
COVID19: 2310 persons discharged in Assam on Friday

২৭৪গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই দেওবাৰে ৫০০০ৰ সীমা অতিক্ৰম কৰিছে।

শেহতীয়াকৈ চিকিৎসালয়ৰ পৰা মুকলি কৰা ব্যক্তিসকলক লৈ বৰ্তমান অসমত মুঠ ক’ভিড আৰোগ্য হৈছে ৫০৮৮গৰাকী।

অসমত আৰোগ্যৰ হাৰৰ শনিবাৰতকৈ সামান্য উন্নতি ঘটিছে।

শনিবাৰে অসমত আৰোগ্যৰ হাৰ আছিল ৬৯.৫৭ শতাংশ। দেওবাৰে ই ৭১ শতাংশলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২০৬৩গৰাকী।

অসমত এতিয়ালৈকে ৭১৬৫গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

ইয়াৰে ১১গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।