NORTHEAST NOW (Assamese)
অসম

হোষ্টেলৰ কোঠাত আত্মহত্যা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2021 6:10 pm
Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে নিজ কোঠাত আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশ্ববিদ্যালয়ৰ আইদেউ সন্দিকৈ গাৰ্লছ হোষ্টেলৰ নিজ কোঠাত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে।

আজি ছাত্ৰীগৰাকীক তেওঁৰ কোঠাত মৃত অৱস্থাত পোৱা যায়। মৃত যুৱতীগৰাকীক ৰঞ্জিতা চেত্ৰী বুলি চিনাক্ত কৰা হৈছে।

তেওঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বাসিন্দা আছিল আৰু দৰ্শনৰ ছাত্ৰী আছিল।

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰিছে। অৱশ্যে আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে হোষ্টেল চৌহদৰ আন শিক্ষাৰ্থীসকলক যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত সোধা-পোছা কৰি আছে জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।