NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীকে ধৰি অসমৰ ১১ খন চহৰৰ ট্ৰেফিক সংকেট ব্যৱস্থাসমূহক দিয়া হ’ব আধুনিক ৰূপ

Posted by: এন ই নাও নিউজ February 13, 2018 8:10 pm
গুৱাহাটীকে ধৰি অসমৰ ১১ খন চহৰৰ ট্ৰেফিক সংকেট ব্যৱস্থাসমূহক দিয়া হ’ব আধুনিক ৰূপ

গুৱাহাটীৰ লগতে অসমৰ অন্য ১১ খন চহৰৰ পৰম্পৰাগত ট্ৰেফিক সংকেট ব্যৱস্থাসমূহক এক আধুনিক ৰূপ দিয়া হ’ব।

পথ দুৰ্ঘটনা ৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সম্পৰ্কে জানিব খোজা এক প্ৰশ্নৰ উত্তৰত অসমৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বিধানসভাত কালি এই কথা জানিবলৈ দিয়ে।

বিশ্বৰ দ্বিতীয় বৃ্হত্তম পেছাদাৰী সেৱা প্ৰতিষ্ঠান প্ৰাইচৱাটাৰহাউচ কুপাৰ্চ প্ৰাইভে’ট লিমিটে’ডক এই সন্দৰ্ভত বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিয়া হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে পথ দুৰ্ঘটনা ৰোধৰ বাবে অধিক ট্ৰেফিক আৰক্ষী নিয়োগ কৰা সন্দৰ্ভত আলোচনা চলি থকা বুলিও সদনক জানিবলৈ দিয়ে।

অসমৰ সকলো জিলা আৰু মহকুমা সদৰৰ গুৰুত্বপূৰ্ণ ঠাইসমূহত চিচিটিভি স্থাপন কৰা সন্দৰ্ভতো আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।