NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ পৰিবেশ বিজ্ঞানীৰ তালিকাত অন্যতম স্থান লাভ অসমীয়া বিজ্ঞানী অধ্যাপক কৃষ্ণগোপাল ভট্টাচাৰ্য্যৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 4:06 pm
বিশ্বৰ পৰিবেশ বিজ্ঞানীৰ তালিকাত অন্যতম স্থান লাভ অসমীয়া বিজ্ঞানী অধ্যাপক কৃষ্ণগোপাল ভট্টাচাৰ্য্যৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কৃষ্ণগোপাল ভট্টাচাৰ্য্যই ভাৰতীয় বিজ্ঞানী সকলৰ ভিতৰত তৃতীয় আৰু বিশ্বৰ বিজ্ঞানী সকলৰ ভিতৰত ২৩৫ সংখ্যক স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

ভট্টাচাৰ্য্যই পৰিবেশ বিজ্ঞানৰ ক্ষেত্ৰখনত এই সফলতা অৰ্জন কৰে।

বৰ্তমান কৃষ্ণগোপাল ভট্টাচাৰ্য্যই অসম ড’ন বস্কো বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দলে কৃষ্ণগোপাল ভট্টাচাৰ্য্যক বিশ্বৰ শীৰ্ষস্থানৰ ২ শতাংশ বিজ্ঞানীৰ ভিতৰত স্থান দিছে।

কৃষ্ণগোপাল ভট্টাচাৰ্য্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পাছত লণ্ডনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

১৯৭৫ চনত ভট্টাচাৰ্য্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অফ চায়েন্সৰ ডীন হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

কৃষ্ণগোপাল ভট্টাচাৰ্য্যৰ অধীনত ৭০ গৰাকীতকৈয়ো অধিক ছাত্ৰই গৱেষণা সম্পুৰ্ণ কৰিছে।

উল্লেখযোগ্য যে, অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতো কৃষ্ণগোপাল ভট্টাচাৰ্য্যই পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰি আহিছে।

বৰ্তমান কৃষ্ণগোপাল ভট্টাচাৰ্য্য অসম জাতীয় পৰিষদৰ মুখ্য পৰামৰ্শদাতা হিচাপে আছে।