NORTHEAST NOW (Assamese)
অসম

৭৭ দিনৰ ভিতৰত পেৰিছ জলবায়ু চুক্তিলৈ পুনৰ উভতিম; জ’ বিডেনৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 4:21 pm
WhatsApp Image 2020-07-10 at 1.14.08 PM

আমেৰিকা যুক্তৰাষ্ট্ৰই ২০১৫ চনত হোৱা পেৰিছ জলবায়ু চুক্তিৰ পৰা আতৰি অহা প্ৰসংগত মত প্ৰকাশ কৰিছে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিডেনে।

‘’৭৭ দিনৰ ভিতৰত বিদেনে প্ৰশাসনে পুনৰ পেৰিছ জলবায়ু চুক্তিত যোগদান কৰিব,’’ জ’ বিডেনে এইদৰে কয়।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০১৭ চনৰ জুনত প্ৰথমবাৰৰ বাবে পেৰিছ জলবায়ু চুক্তিৰ পৰা আতৰি অহা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল।

বৰাক ওবামা ৰাষ্ট্ৰপতি আৰু জ’ বিডেন উপ-ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰি পেৰিছ জলবায়ু চুক্তিত অংশগ্ৰহণ কৰিছিল।

পৰৱৰ্তী সয়মত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত এই চুক্তিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আমেৰিকাই পেৰিছ জলবায়ু চুক্তিৰ পৰা আতৰি অহা সিদ্ধান্তক জাপানেও সমালোচনা কৰিছিল।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাত বৰ্তমানলৈ ড’নাল্ড ট্ৰাম্পৰ তুলনাত জ’ বিডেন আগবাঢ়ি আছে।