NORTHEAST NOW (Assamese)
অসম

অসমত ১৭৩৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.০৪%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 10:23 pm
2579 persons test Covid19 positive in Assam on Tuesday

১৭৩৫গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.০৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৪,৩৭৬টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৮৯, কাছাৰৰ ১৭৫, ডিব্ৰুগড়ৰ ১১৬ আৰু বৰপেটাৰ ১১২গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২২১লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৫,৪৮০লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ৮৬,০৫২ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

বিপৰীতে অসমত বুধবাৰলৈকে ৬০,৩৪৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।