NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সমীক্ষা: কিদৰে এতিয়াও বিজয়ী হ’ব পাৰে ডোনাল্ড ট্ৰাম্প?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 4:34 pm
trump-twitter-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই আৰু ভোট গণনা এতিয়াও চলি আছে।

আপাত: দৃষ্টিত ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেন নিৰ্বাচনী যুঁজত বিজয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ সময়তে আন্তৰ্জাতিক সংবাদ মাধ্যমে প্ৰকাশ কৰা শেহতীয়া সমীক্ষাত ডোনাল্ড ট্ৰাম্পৰ বিজয়ৰ সম্ভাৱনা এতিয়াও নস্যাৎ কৰা নাই।

ফক্স নিউজৰ হিচাপত জো বিডেনে পোৱা ইলেকট্ৰ’ৰেল ভোটৰ সংখ্যা ২৬৪ আৰু চি এন এনৰ হিচাপত ২৫৩।

আনহাতে, ট্ৰাম্পৰ ইলেকট্ৰ’ৰেল ভোটৰ সংখ্যা চিএনএনে দেখুৱাইছে ২১৩ আৰু ফক্স নিউজে দেখুৱাইছে ২১৪।

প্ৰয়োজনীয় ২৭০ টা ইলেকট্ৰ’ৰেল ভোট সংগ্ৰহৰ ক্ষেত্ৰত বিডেন আগবাঢ়ি থাকিলেও চিএনএনৰ মতে ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱাৰ বাবে ডোনাল্ড ট্ৰাম্পৰ এতিয়াও সুযোগ আছে।

আৰিজোনা আৰু নেভাডাত বিডেন জয়ী হ’ব বুলি কোৱা হৈছে। এইক্ষেত্ৰত নৰ্থ কেৰোলিনা, জৰ্জিয়া আৰু মেইনৰ ছেকেণ্ড কংগ্ৰেশ্যনেল ডিষ্ট্ৰিক্টত ট্ৰাম্পে আগবাঢ়ি থাকিব লাগিব। সেইদৰে আলাস্কাৰ ভোট ট্ৰাম্পে লাভ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, হোৱাইট হাউছ দখলৰ দৌৰত টিকি থাকিবলৈ ট্ৰাম্পৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে পেনছিলভেনিয়াত বিজয় সাৱ্যস্ত কৰাটো।

সেইদৰে আৰিজোনাতো ট্ৰাম্পে বিডেনক অতিক্ৰম কৰিব লাগিব।