NORTHEAST NOW (Assamese)
Popular Stories

নাবালিকাৰ হাতত ধৰি ‘আই লাভ ইউ’ বুলি কোৱাৰ অপৰাধত জেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2024 11:29 am

মুম্বাইৰ বিশেষ পকচো আদালতে নাবালিকা এগৰাকীক হাতত ধৰি “আই লাভ ইউ” বুলি নিৰ্যাতন চলোৱাৰ অপৰাধত এগৰাকী ১৯ বছৰীয়া যুৱকক দুবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে৷

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি ন্যায়াধীশ অশ্বিনী লোখাণ্ডেই যুৱকজনক ভাৰতীয় দণ্ডবিধিৰ অধীনত নিৰ্যাতনৰ দোষী সাব্যস্ত কৰে যদিও অধিক কঠোৰ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (প’কচো) আইনৰ অধীনত তেওঁক অভিযোগৰ পৰা মুক্ত কৰে।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেতিয়াৰ ১৪ বছৰীয়া কিশোৰীগৰাকীৰ লগত সংঘটিত হৈছিল এই ঘটনা। ছোৱালীজনীৰ মাকে দাখিল কৰা অভিযোগ অনুসৰি, মানুহজনে তাইৰ বিল্ডিঙৰ প্ৰথম মহলাত তাইক আক্ৰমণ কৰি তাইৰ হাতত ধৰি প্ৰেম নিবেদন কৰে।

“আই লাভ ইউ” ছোৱালীজনীৰ হাতখন ধৰি নিজৰ ফালে টানি আনে। তাই কান্দি কান্দি মাকৰ ওচৰলৈ দৌৰি গৈ ট কথাখিনি বৰ্ণনা কৰে৷

অভিযুক্তই ছোৱালীজনীৰ সৈতে সম্পৰ্ক থকা বুলি দাবী অস্বীকাৰ কৰে। কিন্তু আদালতে তেওঁৰ দাবী খাৰিজ কৰে, লক্ষ্য কৰে যে ছোৱালীজনীয়ে তেওঁলোকৰ সম্পৰ্কত থাকিলে মাতৃক এই বিষয়ে অৱগত নকৰিলেহেঁতেন।