NORTHEAST NOW (Assamese)
অসম

পুনৰ মৰেল পুলিচিঙৰ ঘটনা! দুৰ্ঘটনাত পতিত যুৱকক মৰিয়াই মৰিয়াই কৰিলে আহত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 15, 2019 2:53 pm
Blur-Image

ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনাই জোঁকাৰি যোৱাৰ পাছতো ৰাজ্যত লোপ পোৱা নাই মৰেল পুলিচ। এইবাৰ নগাঁৱৰ ডবকাত মৰেল পুলিচৰূপি একাংশ লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজন যুৱক।

আহত যুৱক দুজনৰ এজন শিৱসাগৰৰ বকতাৰ হৰেশ গগৈ আৰু আনজন গুৱাহাটীৰ কাকীৰ দীপজ্যোতি কলিতা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি দুয়োজন যুৱক গুৱাহাটীৰ ক্ৰিটিকেল কেয়াৰ হস্পিতেলত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে হৰেশ গগৈৰ আঘাত অতি গুৰুতৰ। বৰ্তমানলৈকে তেওঁ সংজ্ঞা ঘূৰাই নোপোৱাত জন্মস্থান শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে নগাঁও জিলাৰ লংকা ভালুকমাৰীৰ SUGUNA নামৰ কোম্পানিত কৰ্মৰত হৰেশ গগৈয়ে লগৰ ৭ জন সতীৰ্থৰ সৈতে যোৱা ১৩ অক্টোবৰত সন্ধিয়া নগাঁৱলৈ চিনেমা চাবলৈ গৈছিল।

চিনেমা চাই উভতি অহাৰ পথত ডবকাৰ মদাৰতলীত এটা সৰু দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াকে লৈ স্থানীয় লোকে যুৱক দুজনক মৰিয়াই মৰিয়াই আহত কৰে। পিছত বন্ধু কেইজনে উন্মত্ত লোক কেইজনৰ পৰা যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে চিকিৎসাধীন হৈ থকা দীপজ্যোতি কলিতাই জনোৱা মতে ৰাইজে হৰেশক বাঁহেৰে মূৰত মৰিওৱাৰ ফলত ঘটনাস্থলীতে অচেতন হৈ পৰে।