NORTHEAST NOW (Assamese)
Popular Stories

পত্নীৰ চিকিৎসাৰ বাবে বোকাখাতৰ পৰা দিল্লীলৈ যোৱা ব্যক্তিৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 17, 2020 8:20 am

পৰিবাৰৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কোভিড-১৯ত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে কালি অৰ্থাৎ শনিবাৰে বিয়লি দিল্লীতে মৃত্যুক আকোৱালি লয়।

পত্নী বন্তি শইকীয়াৰ কেঞ্চাৰ চিকিৎসা কৰি থকা অৱস্থাতেই স্বামী অজিত শইকীয়া তেওঁৰ পৰিবাৰ আৰু তেওঁলোকৰ লগত যোৱা কঙ্কনজ্যোতি বৰা নাম যুৱকনজন কোভিদ-১৯ত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে নিঃসন্তান শইকীয়া দম্পতিয়ে তেওঁলোকৰ সহায় হ’ব বুলি বোকাখাতৰে কঙ্কনজ্যোতি বৰাক লগত লৈ গৈছিল। পিছত কোভিড-১৯ত আক্ৰান্ত হোৱাত তিনিওকে ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসাধীন অৱস্থাত অজিত শইকীয়াৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ৰ পৰা লোক নায়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কোভিড-১৯ৰ ওচৰত হাৰ মানি দিল্লীৰ লোক নায়ক চিকিৎসালয়তে শনিবাৰে বিয়লি অজিত শইকীয়াই মৃত্যুক আকোৱালি লয়।

ইফালে তেওঁৰ পত্নী বন্তি শইকীয়া আৰু তেওঁলোকৰ লগত যোৱা কঙ্কনজ্যোতি বৰা বৰ্তমান কোভিড-১৯ৰ পৰা মুক্ত হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত চাকৰিয়াল অজিত শইকীয়াৰ ঘৰ বোকাখাতৰ ম’হমাইকী গাঁৱত।