NORTHEAST NOW (Assamese)
অসম

এইবাৰ শিৱসাগৰৰ এজন যুৱক কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2020 7:09 am
COVID19: 1724 persons discharged in Assam on Tuesday

এইবাৰ শিৱসাগৰৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

যুৱকজন বৰ্তমান যোৰহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশা ২.৩৩ বজাত টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে।

ৰাজ্যখনত এইদৰে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি পালে।

ইপিনে,শনিবাৰৰ দিনটোতে অসমত আন পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

নিশা শোণিতপুৰ জিলাত এজন আৰু গুৱাহাটীত পুনৰ দুজনৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ পোৱাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে।

অৱশ্যে, ৰোগী কেইজনৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে শনিবাৰে প্ৰথমবাৰলৈ শোণিতপুৰ জিলাত ধৰা পৰিছে কোভিড-১৯ আক্ৰান্ত ৰোগী।

উল্লেখ্য যে শনিবাৰে দিনৰ ভাগত কামৰূপ মহানগৰ জিলাত দুজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

ফাঁচিবজাৰৰ আলু গুদামৰ লোকৰ সংস্পৰ্শলৈ আহিছিল লোকদুজন।

অসমত এতিয়ালৈকে ৯৫ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৫০ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। আক্ৰান্তসকলৰ দুজন প্ৰব্ৰজিত ব্যক্তি।

ইপিনে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰৰ যোগে জানিবলৈ দিছে যে নিশা কালাপাহৰাত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা এজন আৰু ফটাশীল আমবাৰীৰ পৰা এজন কোভিড-১৯ পজিটিভ ৰোগীক সুকলমে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতললৈ স্থানান্তৰ কৰা হয়।

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে তৃতীয়গৰাকী ৰোগীক তেজপুৰ মেডিকেল কলেজ হাস্পাতলত ভৰ্তি কৰাৰ প্ৰক্ৰিয়া চলি আছে।

উল্লেখ্য যে উক্ত তিনিগৰাকী ব্যক্তিৰ দেহত শনিবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।