NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰত এজন,গুৱাহাটীত পুনৰ দুজন কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৯৪জনলৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2020 6:38 am
COVID19: 1724 persons discharged in Assam on Tuesday

শনিবাৰৰ দিনটোতে অসমত মুঠ পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

নিশা শোণিতপুৰ জিলাত এজন আৰু গুৱাহাটীত পুনৰ দুজনৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ পোৱাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে, ৰোগী কেইজনৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে শনিবাৰে প্ৰথমবাৰলৈ শোণিতপুৰ জিলাত ধৰা পৰিছে কোভিড-১৯ আক্ৰান্ত ৰোগী।

উল্লেখ্য যে শনিবাৰে দিনৰ ভাগত কামৰূপ মহানগৰ জিলাত দুজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

ফাঁচিবজাৰৰ আলু গুদামৰ লোকৰ সংস্পৰ্শলৈ আহিছিল লোকদুজন।

অসমত এতিয়ালৈকে ৯৪ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৪৯ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

শুকুৰবাৰৰ দিনটোতো তিনিজনকৈ লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

ইয়াৰে এজন সৰুসজাই কোৱাৰেন্টাইন কেম্পৰ, এজন GMCH ত চিকিৎসাধীন আৰু আনজন পশ্চিম বংগৰ পৰা প্ৰব্ৰজিত লোক।

যোৱা ১৪ মে’ত এই মাৰাত্মক ভাইৰাছ ৭ গৰাকীৰ দেহত পোৱা গৈছিল। তাৰে ৪ গৰাকী কেন্সাৰ আৰু হৃদৰোগী আৰু তিনিগৰাকী ৰোগীৰ লগত থকা লোক।

মুম্বাইৰ পৰা কেন্সাৰ আৰু হৃদৰোগ চিকিৎসা কৰি মঙ্গলবাৰে নিশা সৰুসজাইত উপস্থিত হৈছিল লোককেইজন।

যোৱা ১৩ মে’ ত গুৱাহাটীত ১৫ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।