NORTHEAST NOW (Assamese)
অসম

মণিপুৰত তিনিগৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত, মুঠ আক্ৰান্ত সাতলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 11:42 pm
COVID19: 1724 persons discharged in Assam on Tuesday

তিনিগৰাকী ব্যক্তি শনিবাৰে মণিপুৰত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্ত ৰোগীগৰাকী এগৰাকী ২২ বছৰীয়া যুৱতী আৰু তেওঁক চূৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

যোৱা ১৪ মাৰ্চত যুৱতীগৰাকীৰ জ্বৰ হৈছিল আৰু তেওঁক চাইকটৰ এটা ক’ভিড-১৯ কুৱাৰেণ্টিন কেন্দ্ৰত ৰখা হৈছিল।

একেদিনাই আগবেলা ৭১ বছৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ ৪৮ বছৰীয়া পুত্ৰক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

তেওঁলোক যোৱা ১৩ মে’ত মুম্বাইৰ পৰা এখন বাছত আহি ইম্ফালত উপস্থিত হৈছিল।

আনহাতে শুকুৰবাৰে ৰাজ্যখনৰ চতুৰ্থগৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছিল। ৰোগীগৰাকী বৃত্তিত এগৰাকী নাৰ্ছ আৰু তেওঁ শেহতীয়াকৈ ক’লকাতাৰ পৰা উভটি আহিছিল।

আটাইকইগৰাকী ৰোগীয়েই বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

ৰাজ্যখনত ইতিমধ্যে দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

বৰ্তমান ৰাজ্যখনত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা পাঁচগৰাকী।