NORTHEAST NOW (Assamese)
অসম

বিজয় হাজাৰে ট্ৰফী; শিৱশংকৰ-ৰিয়ানৰ বেটিং দৃঢ়তাৰে মেঘালয়ৰ বিপক্ষে অসমৰ জয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2019 4:03 pm
Riyan Parag

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা বিজয় হাজাৰে ট্ৰফীৰ প্লেট গ্ৰুপৰ এখন খেলত অসমে সোমবাৰে চুবুৰীয়া মেঘালয়ক ছয় উইকেটত পৰাস্ত কৰে।

মেঘালয়ে খেলখনত প্ৰথমে বেট ধৰি ৩৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০০ ৰাণ সংগ্ৰহ কৰে।

মেঘালয়ৰ হৈ ডি ৰবি তেজাই সৰ্বাধিক ৫১ ৰাণ কৰি অপৰাজিত হৈ থাকে।

বলিঙত অসমৰ ৰোছন আলমে ৪ টা আৰু অৰূপ দাসে ৩ টা উইকেট দখল কৰি মেঘালয়ৰ ইনিংছ চমু চপাই আনে।

আনহাতে, মেঘালয়ে জয়ৰ বাবে বান্ধি দিয়া ১০১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইনিংছৰ আৰম্ভণিতে সংকতত পৰে অসম। দুই অপেনাৰ পল্লৱ কুমাৰ দাস আৰু স্বৰূপম পুৰকায়স্থই কোনো ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়নলৈ উভতিব লগা হয়।

পৰৱৰ্তী সময়ত শিৱশংকৰ ৰয় আৰু ৰিয়ান পৰাগৰ দৃঢ়তাপুৰ্ণ বেটিঙৰ সহায়ত অসমে চাৰিটা উইকেট হেৰুৱাই প্ৰয়োজনীয় লক্ষ্যত উপনীত হয়।

শিৱশংকৰ ৰয়ে সৰ্বাধিক ৬৯ ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৰিয়ানে ২৭ ৰাণ কৰি অপৰাজিত হৈ থাকে।

মেঘালয়ৰ বিপক্ষে বিজয়ৰ পাছত অসমে প্ৰতিযোগিতাখনত ৮ খন খেলৰ ৬ খনত জয় আৰু ২ খনত পৰাজয়েৰে মুঠ ২৪ পইণ্ট সংগ্ৰহ কৰি প্লেট গ্ৰুপৰৰ তৃতীয় স্থানত আছে।