NORTHEAST NOW (Assamese)
অসম

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2021 12:19 pm
WhatsApp Image 2021-01-23 at 11.48.57 AM

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত দলৰ গুৰু দায়িত্ব সঠিকভাৱে পালন কৰি কৃতিত্বৰ অধিকাৰী হৈছে অজিংকা ৰাহানে।

আঘাতেৰে জৰ্জৰিত ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব দি ৰাহানেই অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াক বিজয়ৰ সোৱাদ দিছে।

এনেকুৱা এক ঐতিহাসিক ছিৰিজ জয় উদযাপন কৰিবলৈ ৰাহানেৰ চুবুৰীয়াসকলে আয়োজন কৰিছিল এক উৎসৱৰ।

তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইতিহাস ৰচনা কৰা বিজয়ী অধিনায়কক এটা কেক আনি কাটিবলৈ অনুৰোধ কৰে।

কিন্তু কেকৰ ওপৰত কেংগাৰুৰ প্ৰতিকৃতি  থকাৰ বাবে সেই কেক কাটিবলৈ অস্বীকাৰ কৰে ৰাহানেই।

কন্যা অদিতিক কোলাত লৈ চুবুৰীয়াসকলে আয়োজন কৰা উৎসৱলৈ আহে ৰাহানে। আহি তেওঁ দেখে যে কেকটোত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কেংগাৰুৰ  প্ৰতিকৃতি। পেড পৰিধান কৰা কেংগাৰুৰ কাষত বেট আৰু এখন হাতত ভাৰতৰ জাতীয় পতাকা।

কেকটোৰ আন এটা দিশত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী লৈ ৰাহানেৰ ছবি।

ৰাহানেই কেকটো ছুৰীৰে কাটিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে এই কেক কটাটো তেওঁৰ বাবে সম্ভৱ নহয় কিয়নো ইয়াৰ ওপৰত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পশু কেংগাৰু আছে। কেকটো কাটিলে দেশখনক অপমান কৰা হ’ব। সেয়া তেওঁ কৰিব নোৱাৰে।

অৱশ্যে, কেংগাৰুৰ প্ৰতিকৃতিটো অঁতৰাই দিয়াৰ পাছত ৰাহানেই কেকটো কাটে।