NORTHEAST NOW (Assamese)
অসম

অহা বছৰ জুলাইত ভাৰতে ইংলেণ্ডত খেলিব ৩খনকৈ টী-২০ আৰু এদিনীয়া মেচৰ ছিৰিজ

Posted by: এন ই নাও নিউজ September 9, 2021 4:03 pm
Screenshot-2021-03-19T142039.390

ভাৰতীয় ক্ৰিকেট দলে অহা বছৰৰ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টী-২০ আৰু তিনিখন এদিনীয়া মেচৰ ছিৰিজ খেলিব।

ভাৰতীয় দলটোৱে বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট ছিৰিজ খেলি আছে আৰু ছিৰিজৰ অন্তিমখন টেষ্ট ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। ছিৰিজটোত ভাৰতে ইতিমধ্যে ২-১ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।

দক্ষিণ আফ্ৰিকাৰ পাছতে ইংলেণ্ডৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে এই সীমিত অভাৰৰ খেলৰ ছিৰিজটো খেলিব।

ইংলেণ্ড ক্ৰিকেট বোৰ্ডে প্ৰকাশ কৰা সূচী অনুসৰি অহা বছৰৰ ১ জুলাইত ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে টী-২০ আন্তৰ্জাতিক ছিৰিজৰ প্ৰথমখন মেচ অ’ল্ড ট্ৰেফৰ্ডত খেলিব।

সেইদৰে, এদিনীয়া ছিৰিজৰ প্ৰথমখন মেচ ইংলেণ্ডে ভাৰতীয় দলটোৰ বিৰুদ্ধে অহা বছৰৰ ৯ জুলাইত এজবেষ্টনত খেলিব।

ভাৰত-ইংলেণ্ড টী-২০মেচৰ ছিৰিজ ২০২২ৰ সূচী:

জুলাই ১, ২০২২- এমেৰিটাছ অ’ল্ড ট্ৰেফৰ্ড

জুলাই ৩,২০২২- ট্ৰেন্ট ব্ৰীজ

জুলাই ৬,২০২২- এজেয়েছ বাউল

ভাৰত-ইংলেণ্ড এদিনীয়া মেচৰ ছিৰিজ ২০২২ৰ সূচী:

জুলাই ৯,২০২২- এজবেষ্টন

জুলাই ১২, ২০২২- কিয়া অ’ভেল

জুলাই ১৪,২০২২- লৰ্ডছ।