NORTHEAST NOW (Assamese)
অসম

’২১ৰ বিধান সভা নিৰ্বাচনত কেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব অগপই? ক’লে সভাপতি অতুল বৰাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 6:44 pm
Assam polls 2021: AGP to contest in 85 constituencies

অসম গণ পৰিষদে অসম বিধান সভাৰ ২০২১ৰ নিৰ্বাচনত ৮৫টা সমষ্টিত বিজয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

অগপ সভাপতি অতুল বৰাই বৃহস্পতিবাৰে এক দলীয় সভাত এই মন্তব্য কৰিছে।

৮৫টা সমষ্টিৰ জনসাধাৰণৰ কাষ চপাৰ বাবে জনসম্পৰ্ক শক্তিশালী কৰা আৰু চ’চিয়েল মিডিয়া ৰণনীতি নিৰ্ধাৰণ কৰাৰ বাবে সভাখন অনুষ্ঠিত হৈছিল।

বৰাই জনাই যে এই সমষ্টিসমূহত আই টি চেল গঠন কৰা আৰু অগপৰ দৃষ্টিভংগী প্ৰসাৰৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰৰ আই টি চেলৰ দায়িত্ব দিয়া হৈছে।

প্ৰবীণ হাজৰিকাই লখিমপুৰ আৰু তেজপুৰ সমষ্টিৰ চোৱাচিতা কৰিব।

প্ৰাক্তন বিধায়ক ভূপেন ৰয়ে পাটাছাৰকুছি সমষ্টি চোৱাচিতা কৰিব।